ঢকুৱাখনা ঘিলামৰা বাংকেলেংত চামপৰা নৈৰ ভয়াৱহ গড়াখহনীয়া।

খহনীয়া কৱলত পৰি ঘৰ বাৰী ,কৃষি ভূমি আৰু মূল্যবান গছ গছনি নৈৰ বুকুত।

কান খাৰ নাই নাই চৰকাৰী প্ৰশাসন তথা জনপ্ৰতিনিধিৰ।

খহনীয়া কবলত পৰি বাংকেলেং কোঁৱৰবাৰী সংযোগী গড় কপ্তানী পথটোও নিছিন্ন হোৱাৰ পথত।

প্ৰতি বছৰে জিয়াঢল ,কুমুটিয়া নৈৰ বাঢ়নী পানী চামপৰা নৈৰে মিলি এই অঞ্চলত সৃষ্টি কৰি আহিছে সন্ত্ৰাস।অৰুণাচল পাহাৰত প্ৰবল বৃষ্টি পাত হোৱাৰ লগে লগে এই অঞ্চলত বানপানী হোৱাৰ সমান্তৰাল ভাৱে গৰাখহনিয়াই সৃষ্টি কৰে ভয়াবহ পৰিস্থিতি।

ইতিমধ্যে বহুলোকৰ ঘৰ বাৰী ,কৃষিভূমি আৰু মূল্যবান গছ গছনি নৈ বুকুত জাহ গল।এতিয়া গাঁৱৰ খনৰ একমাত্র পথটো নৈৰ বুকুত জাহ যোৱা উপক্ৰম হোৱাত চিন্তিত হৈ পৰিছে নৈ পৰিয়া ৰাইজ।

তেওঁলোকৰ দাবী চৰকাৰে অতিসোনকালে এই অঞ্চলৰ গৰাখহনিয়াৰ স্থায়ী সমাধান কৰক।নহলে চৰম দুৰ্ভোগ ভুগিব লাগিব অঞ্চলটোৰ ৰাইজে।