শনিবাৰে পুৱাই তিনিচুকীয়াৰ বাইপাছ আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেখিবলৈ পোৱা যায় এক নান্দনিক দৃশ্য, প্ৰায়েই দেখিবলৈ পোৱা যায় এনে নান্দনিক দৃশ্য।  ঘটনা অনুসৰি, পথটোৰ সংযোগস্থলীত এটা প্ৰকাণ্ড গাঁত আছে যিটো গাঁতত যিকোনো বাহনৰ এটা চকা পৰিছে উঠি যোৱাটো অসম্ভৱ ৷ উক্ত পথটোত প্ৰায়েই এনেদৰে বাহন পৰি ক্ষতিগ্ৰস্ত হৈছে, কিছুদিনৰ পূৰ্বে এখন ১৬ চকাৰ ট্ৰাক পৰিও ক্ষতিগ্ৰস্ত হয় ৷ তাৰ পাছতো পথটো নিৰ্মাণ কৰা সংস্থা, জিলা প্ৰশাসন, মন্ত্ৰী-বিধায়ক কিম্বা বিভাগীয় কতৃপক্ষই কোনো গুৰুত্ব নিদিয়াত সৰৱ হৈ পৰিছে পথাৰোহীসকল ৷