সোণাৰিৰ নামতোলা সংযোগী ৭০২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে ৩০ জুলাইত নগালেণ্ডৰ মন জিলাত চকা বন্ধ ঘোষণা কৰিছে টিজিত নাগৰিক সমাজে। এই সন্দৰ্ভত প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে এই কথা। পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে চকা বন্ধ ঘোষণা কৰা হৈছে। টিজিত নাগৰিক সমাজৰ সংগঠনসমূহে পুংখানুপুংখ বিবেচনা কৰি পথৰ দুখজনক অৱস্থাৰ বাবে হোৱা আৱেগক লক্ষ্য কৰি গণ সিদ্ধান্তত উপনীত হৈ প্ৰথম পৰ্যায়ৰ আন্দোলন " চকা বন্ধ " জাপি দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে বিবৃতিটোত। নামতোলা-মন পথ (৭০২ নং ৰাষ্ট্ৰীয় ঘাইপথ ) ত নিৰ্মাণ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত ২২ জুলাই ২০২২ তাৰিখে প্ৰেৰণ কৰা টিজিত নাগৰিক সমাজে প্ৰেৰণ কৰা পত্ৰখন অমান্য কৰাৰ বাবে এই বন্ধ ঘোষনা কৰা হৈছে ৷ ইয়াৰ পাছতো যদি ঠিকাদাৰে এই বিষয়ত গুৰুত্ব নিদিয়ে তেনেহলে পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ৰ আন্দোলন ( অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ ) গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰেছ বিবৃতিৰ জৰিয়তে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজক সহযোগিতা আগবঢ়াবলৈও অনুৰোধ জনাইছে টিজিত নাগৰিক সমাজে ৷ ইফালে প্ৰথম পৰ্যায়ৰ আন্দোলনৰ সময়ত পেৰা - সামৰিক বাহিনী, কৰ্তব্যৰত আৰক্ষী জোৱান, ইউনিফৰ্ম পিন্ধা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী, প্ৰশাসন তথা চিকিৎসা সম্বন্ধীয় জৰুৰীকালীন সেৱাৰ লোকসকলক ৰেহাই দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Honor X9b: इंडियन मार्केट में जल्द एंट्री करेगा हॉनर का नया धांसू फोन, 108MP कैमरा के साथ मिलेंगे ये धांसू फीचर्स
Honor X9b India Launch Date बीआईएस लिस्टिंग से पुष्टि होती है कि Honor X9b ऑनर द्वारा भारत में...
કોંગ્રેસના ગુજરાત બંધના સમર્થનમાં આંકલાવના વેપારીઓ દ્વારા સજ્જડ અને જડબેસલાક બંધ
કોંગ્રેસના ગુજરાત બંધના સમર્થનમાં આંકલાવના વેપારીઓ દ્વારા સજ્જડ અને જડબેસલાક બંધ
डिवाइडर से टकराने से स्कूटी सवार युवती की मौत,मृतका गुंजन राठौर बीएससी की थी स्टूडेंट
डीवाइडर से टकराने से स्कूटी सवार युवती की मौत
मृतका गुंजन राठौर बीएससी की थी स्टूडेंट ...
વાઘોડિયા જરોદની નિસ્કા ઓફ એક્સીલેન્ટ શાળામા ઊત્સવ
વાઘોડિયા જરોદની નિસ્કા ઓફ એક્સીલેન્ટ શાળામા ઊત્સવ