সোণাৰিৰ নামতোলা সংযোগী ৭০২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে ৩০ জুলাইত নগালেণ্ডৰ মন জিলাত চকা বন্ধ ঘোষণা কৰিছে টিজিত নাগৰিক সমাজে। এই সন্দৰ্ভত প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে এই কথা। পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে চকা বন্ধ ঘোষণা কৰা হৈছে। টিজিত নাগৰিক সমাজৰ সংগঠনসমূহে পুংখানুপুংখ বিবেচনা কৰি পথৰ দুখজনক অৱস্থাৰ বাবে হোৱা আৱেগক লক্ষ্য কৰি গণ সিদ্ধান্তত উপনীত হৈ প্ৰথম পৰ্যায়ৰ আন্দোলন " চকা বন্ধ " জাপি দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে বিবৃতিটোত। নামতোলা-মন পথ (৭০২ নং ৰাষ্ট্ৰীয় ঘাইপথ ) ত নিৰ্মাণ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত ২২ জুলাই ২০২২ তাৰিখে প্ৰেৰণ কৰা টিজিত নাগৰিক সমাজে প্ৰেৰণ কৰা পত্ৰখন অমান্য কৰাৰ বাবে এই বন্ধ ঘোষনা কৰা হৈছে ৷ ইয়াৰ পাছতো যদি ঠিকাদাৰে এই বিষয়ত গুৰুত্ব নিদিয়ে তেনেহলে পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ৰ আন্দোলন ( অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ ) গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰেছ বিবৃতিৰ জৰিয়তে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজক সহযোগিতা আগবঢ়াবলৈও অনুৰোধ জনাইছে টিজিত নাগৰিক সমাজে ৷ ইফালে প্ৰথম পৰ্যায়ৰ আন্দোলনৰ সময়ত পেৰা - সামৰিক বাহিনী, কৰ্তব্যৰত আৰক্ষী জোৱান, ইউনিফৰ্ম পিন্ধা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী, প্ৰশাসন তথা চিকিৎসা সম্বন্ধীয় জৰুৰীকালীন সেৱাৰ লোকসকলক ৰেহাই দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હેમચંદ્રાચાર્ય ઉત્તર ગુજરાત યુનિવર્સિટી પાટણ દ્વારા આંતર કોલેજ ટેબલ ટેનિસ ટૂર્નામેન્ટમાંનું આયોજન
હેમચંદ્રાચાર્ય ઉત્તર ગુજરાત યુનિવર્સિટી પાટણ દ્વારા આંતર કોલેજ ટેબલ ટેનિસ ટૂર્નામેન્ટમાંનું આયોજન
फेस्टिव सीजन से पहले मारुति दे रही Ignis से Ciaz पर बचत का मौका, Jimny पर भी मिल रहा लाखों का डिस्काउंट
भारत की प्रमुख कार निर्माता Maruti Suzuki की ओर से प्रीमियम डीलरशिप Nexa पर ऑफर की जाने वाली...
सांगोद में भारतीय किसान संघ प्रतिनिधियों ने समस्याओं को लेकर सौंपे ज्ञापन
सांगोद, कोटा। किसानों से जुड़ी समस्याओं व मांगों को लेकर भारतीय किसान संघ से जुड़े किसानों ने...