ওদালগুৰি জিলাৰ মাজবাটত ৰূপালী জয়ন্তী বৰ্ষৰ কৰম উৎসৱৰ লাই খুটা স্থাপন কৰে। ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক চৰন বড়োয়ে। উল্লেখযোগ্য যে মাজবাটৰ ৰাজীৱ গান্ধী ক্ৰিড়া প্ৰকল্পত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাজবাট আঞ্চলিক উদ্যোগত আৰু মাজবাটবাসী ৰাইজৰ সহযোগত অহা ১৯, ২০, ২১ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী বৰ্ষৰ কৰম উৎসৱ। কাৰ্যসূচী মতে ১৯ ছেপ্টেম্বৰত ৰাতিপুৱা ৮: ৩০ বজাত কৰম উৎসৱৰ পতাকা উত্তোলন কৰিব স্থানীয় বিধায়ক তথা উৎযাপন সমিতিৰ সভাপতি চৰন বড়োয়ে, লগতে ৰূপালী জয়ন্তী বৰ্ষৰ ২৫খন পতাকা উত্তোলন কৰিব প্ৰাক্তন আছা সদস্য সকলে। আছাৰ মাজবাট আঞ্চলিক সমিতিৰ পতাকা উত্তোলন কৰিব মাজবাট আঞ্চলিক সমিতিৰ আছাৰ সভাপতি শিৱলাল পানিকায়। ৰাতিপুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰিব আছাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ সভাপতি ৰিমিছ লিণ্ডায়। ১০ বজাত অনুষ্ঠিত হব বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা। ১০: ৩০ বজাত ধেনুকাঁড় প্ৰতিযোগিতা উন্মোচন কৰিব ওদালগুৰি জিলা আৰক্ষী অধীক্ষক হিৰন্য বৰ্মনে। ১১ বজাত চৌখ পুৰা প্ৰতিযোগিতা ( আল্পনা)। দুপৰীয়া ১২ বজাত প্ৰদৰ্শনী দ্বাৰ মুকলি কৰিব ৩৯ নং পাচঁনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এম চি এল এ জীতু কিষাণে। ১২: ৩০ বজাত মহিলা সকলৰ দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰিব মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল কুমাৰ জোকায়। আবেলি ৪: ০০ বজাত মুখ্য তোৰন উন্মোচন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক সুভাষ চন্দ্ৰ বিশ্বাসে। আবেলি ৪: ৩০ বজাত সভাগৃহ উন্মোচন কৰিব মাজবাট খণ্ড উন্নয়ন বিষয়া চম্পক শৰ্মায়। সন্ধিয়া ৮: ০০ বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰিব বি টি আৰৰ কাৰ্য্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰীয়ে। ৮: ৩০ বজাত স্থানীয় শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান। ২০ ছেপ্টেম্বৰ ৰাতিপুৱা ৯: ০০ বজাত ২৫ জোপা গছ পুলি ৰোপণ। ১০ বজাত বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰিব বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। ১১ বজাত মুকলি সভাৰ ৰূপালী জয়ন্তী বৰ্ষৰ বন্তি প্ৰজ্বলন কৰিব অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতীয়ে। মুকলি সভাখনত উদ্বোধনী ভাষণ প্ৰদান কৰিব মঙ্গলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলিপ শইকীয়ায়। মুখ্য অতিথি হিসেবে উপস্থিত থাকিব অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, নিদিষ্ট বক্তাৰ আসন অলংকৃত কৰিব ৰাজ্যসভাৰ সংসদ কামাখ্যা প্ৰসাদ তাছায়। ওক্ত সভাখনতে স্মৃতি গ্ৰন্থ উন্মোচন কৰিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ায়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ, অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰী, বি টি আৰৰ এম চি এল এ ফ্ৰেচ মোছাহাৰী, ৩৯ নং পাচঁনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দীপক মৌৰ, আদি। সন্ধিয়া ৫:০০ বজাত কৰম ডাইৰ আদৰণি। ৫: ৩০ বজাত কৰম পূজা শুভাৰম্ভ। সন্ধিয়া ৬:৩০ বজাত আখড়া মুকলি কৰিব বি টি চিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডীয়ে।৭:০০ বজাত ঝুমইৰ নৃত্য প্ৰতিযোগিতা। ২১ ছেপ্টেম্বৰ সন্ধিয়া ৬: ৩০ বজাত বন্তি প্ৰজ্বলন। সন্ধিয়া ৭:০০ বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব বিধায়ক চৰন বড়োয়ে। সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ জুবিন গাৰ্গ, চুবিল বাগৰ গীতৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰিব বুলি উৎযাপন সমিতিৰ যুটীয়া সম্পাদকদ্বয় নৱজ্যোতি কৰ্মী আৰু ধীৰেন ৰাজোৱাৰে সাংবাদিকক জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કેશોદ શહેરમાં પ્લાસ્ટિક ડિસ્પોઝલ એશોશીએશન દ્વારા મારફતિયા નો ત્રાસ દુર કરવા નગરપાલિકા કચેરીમાં રજુઆત કરી...
કેશોદ: રાજ્ય ભરમાં પર્યાવરણને નુકસાન કરતાં અને પ્રદુષણ ફેલાવતાં પાતળાં પ્લાસ્ટિક ડિસ્પોઝલ પર...
Oscars 2023: Black Oscars: Just Deepika Padukone slaying, as usual, Deepika Padukone Is Queen Of The Red Carpet In Old Hollywood. - Newzdaddy
The largest award show in Hollywood has arrived, and Deepika Padukone, who presented this...
मेंटेनेंस कार्य के चलते आज प्रात: 9 से 1ः30 बजे तक विद्युत आपूर्ति बंद रहेगी
बूंदी। शहर में शनिवार को प्रात: 9 से 1ः30 बजे तक आज़ाद पार्क फीडर पर मेंटेनेंस का कार्य किया...
सांगोद में अधिकारी लाभार्थियों से कर रहे आवास पूर्ण करवाने की समझाईस
सांगोद, गरीब लोगों को सस्ता एवं सुलभ घर दिलाने के उद्देश्य से केन्द्र सरकार द्वारा संचालित...
পিংকু গগৈ মৃতদেহ উদ্ধাৰ হোৱা পাছত হত্যাকাৰীক শাস্তি প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ ঢকুৱাখনা ঘিলামৰাত
পিংকু গগৈ মৃতদেহ উদ্ধাৰ হোৱা পাছত হত্যাকাৰীক শাস্তি প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ ঢকুৱাখনা...