কভিড কালীন অৱস্থাত বন্ধ কৰি দিয়া যাত্ৰীবাহী ৰেল সমূহ পুনৰ চালু কৰাৰ দাবী জনাই আজি উত্তৰ - পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰা হয় ৷

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন অধীক্ষকৰ জৰিয়তে এই স্মাৰকপত্ৰ প্ৰদান কৰে উত্তৰ - পূৱ সীমান্ত ৰেলৱেৰ ৰঙিয়া সংমন্ডলৰ ৰেলৱে ইউজাৰ কনছালটেটিভ কমিটি ( ডিআৰইউচিচি ) ৰ সদস্যদ্বয় ক্ৰমে মহেশ কুমাৰ আগৰৱালা আৰু ধীৰাজ চক্ৰৱৰ্তীয়ে ৷

স্মাৰকপত্ৰত উল্লেখ কৰা মৰ্মে কভিড কালীন পৰিস্থিতিত ৫৫৮১৮/৮১৭ নং নিউ বঙাইগাঁও - ৰঙিয়া - গুৱাহাটী যাত্ৰীবাহী ৰেল , ১৫৭৭১/৭৭২ নং আলিপুৰদুৱাৰ জংচন - কামাখ্যা ইন্টাৰচিটি এক্সপ্ৰেছ ৰেল আৰু ৫৫৭১৩/৭১৪ নং নিউ জলপাইগুড়ি - নিউ বঙাইগাঁও - ৰঙিয়াৰ মাজত চলা বিজি পেছেঞ্জাৰ ৰেল বন্ধ ৰখা হৈছে ৷ কিন্তু কভিড পৰিস্থিতিৰ পৰা স্বাভাৱিক অৱস্থা ঘুড়ি অহাটো বহু দিন হল ৷ তথাপি এই যাত্ৰীবাহী ৰেল সমূহ বন্ধ ৰখা হৈছে ৷ যাৰ ফল স্বৰূপে যাত্ৰী সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগীয়া হৈছে ৷ বিশেষকৈ এই যাত্ৰীবাহী ৰেলযোগে কম সময়ত আৰু কম খৰচত বহু ব্যবসায়ী তথা চাকুৰীয়ালে প্ৰতিদিনে যাত্ৰা কৰিছিল ৷ কিন্তু এই যাত্ৰীবাহী ৰেল সমূহ বন্ধ কৰি দিয়াত হেজাৰ হেজাৰ যাত্ৰী সমস্যাত পৰিবলগীয়া হৈছে ৷ ব্যবসায়ী তথা প্ৰতিদিনে যাত্ৰা কৰা চাকৰীয়াল সকলেও যথেষ্ট কষ্টৰ সন্মুখীন হব লগীয়া হৈছে ৷ তদুপৰি সৰু সৰু ষ্টেচনত যিহেতু দ্ৰতগ্ৰামী ৰেল সমূহৰ ষ্টপেজ নাই এই এলেকাৰ যাত্ৰী সকলেও এই ৰেল সেৱাৰ পৰা বঞ্চিত হব লগীয়া হৈছে ৷ যাত্ৰী সকলৰ এনে দূৰ্ভগৰ কথা চিন্তা কৰি অতিশীঘ্ৰে এই তিনিওখন যাত্ৰীবাহী ৰেল চালু কৰাৰ বাবে দাবী জনায় কনছালটেটিভ কমিটিৰ সদস্যদ্বয়ে ।