বুধবাৰে মাজুলী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, মাজুলীৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ জিলা পৰ্যায়ৰ বিষয়-ববীয়াসকল, কৃষি, মৎস্য উৎপাদন, পশু চিকিৎসা, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, হস্ত তাঁত ও ৰেচম আৰু বেংকৰ প্ৰতিনিধি বিষয়াসকলৰ সকলৰ উপৰিও জীৱিকা সখী, বেংক সখী, পশু সখী, কৃষি সখী, বীমা সখী তথা মিছনৰ ক্লাষ্টাৰ লেভেল ফেদাৰেচনৰ মহিলা কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
সভাখনত বিভাগটোৰ বিভিন্ন তৃণমূল পৰ্যায়ৰ কাৰ্যকলাপৰ ওপৰত বিতং পৰ্যালোচনা কৰা হয়। উপায়ুক্তই উদ্যমী মহিলাসকলক জিলাখনৰ অন্যান্য বিভাগৰ লগত সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ উদগণি দিয়ে। সভাত জিলাখনৰ বিভিন্ন উন্নয়ণমূলক আচঁনিৰ ৰূপায়ণ তথা সজাগতা সৃষ্টিৰ এক সফল মাধ্যমৰূপে পৰিগণিত হোৱা ধ্বজাবাহক কাৰ্যসূচী "আমাৰ মাজুলী"ৰ অধীনত উদ্যমী মহিলাসকলক সাঙুৰি লোৱাৰ পৰিকল্পনাও ভাষণ প্ৰসংগত উপায়ুক্তই ব্যক্ত কৰে আৰু সংশ্লিষ্ট বিভাগসমূহত এইক্ষেত্ৰত তৎপৰতাৰে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে।