নতুন দিল্লী, ৩১ আগষ্ট। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৪ জুলাই তাৰিখে মানিক সাহাই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছত আসনখন খালী হৈ আছিল। এই খালী আসনখনৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন।
বুধবাৰে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰি কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কয় যে উপ-নিৰ্বাচনৰ বাবে জাননী ৬ ছেপ্টেম্বৰত জাৰী কৰা হ'ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১২ ছেপ্টেম্বৰ আৰু মনোনয়ন পত্ৰ পৰীক্ষা ১৩ ছেপ্টেম্বৰত কৰা হ'ব। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ। ভোটগ্ৰহণ ২২ ছেপ্টেম্বৰত সমাপ্ত হ'ব আৰু একেটা দিনতে সন্ধিয়া ৫ বজাত ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ'ব।
উল্লেখ্য যে সাহাই ৪ জুলাইত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছিল। তেওঁৰ ছয় বছৰীয়া কাৰ্যকাল ২০২৮ চনৰ ২ এপ্ৰিল তাৰিখে সমাপ্ত হ'ব। মানিক সাহা এপ্ৰিলত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ কংগ্ৰেছ ত্যাগ কৰি ২০১৬ চনত বিজেপিত যোগদান কৰে। ইয়াৰ পিছত তেওঁ ২০২০ চনত বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্ত হয়।