ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰিসংখ্যা সহায়ক নবীন 

চন্দ্ৰ গগৈয়ে চৰকাৰী চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাত আজি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। ৰাষ্ট্ৰীয় কৃত্তি শিক্ষয়িত্ৰী তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী পূষ্পা গগৈৰ সঞ্চালনাত শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আয়োজিত এক সভাত কাৰ্যালয়টোৰ কৰ্মচাৰী আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষক সকলে শৰাই,চেলেং,গামোছা, গ্ৰন্থৰ টোপোলাৰে নবীন চন্দ্ৰ গগৈক বিদায় সম্বৰ্ধনা জনাই ৷ ইফালে এই অনুষ্ঠানতেই নবীনা গগৈৰ নৱতম উপন্যাস-"বকুল তলৰ জোনাকী" উন্মোচন কৰা হয়।

গ্ৰন্থ খন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক জীৱন চন্দ্ৰ দত্তই। বন্তি প্ৰজলনেৰে বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ শুভাৰম্ভ কৰে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চেনীৰাম বৰুৱাই ৷ ইফালে এই সভাত উপস্থিত থাকে-অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণানন্দ গগৈ,অৱসৰপ্ৰাপ্ত শিক্ষাবিদ দিগেন্দ্ৰনাথ হাজৰিকা,ড০ ঠগীৰাম গগৈ,অমিয় কুমাৰ সন্দিকৈ, পূষ্পা গগৈ,ইন্দিৰা গগৈ,এম,আই,এছ-ঝৰ্ণা কোঁৱৰ আদিয়ে।