সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত নাফুক এন আৰ এল ডিপুৰ সমীপত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । এখন অচিনাক্ত বাহনে অভয়পুৰৰ পৰা নাফুক বজাৰলৈ চাইকেলেৰে আহি থকা একে দিশৰ পৰা অহা এখন তীব্ৰ বেগী বাহনে দুই চাইকেল আৰোহীক মহতিয়াই নিয়াৰ ফলত দুই যুৱক গুৰুত্ব ৰ ভাবে আহত হয় । আহত দুই যুৱকক ততালিকে চফ্ৰাই আৰক্ষীয়ে উদ্ধাৰ কৰি চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰে । আহত যুৱক দুজন ক্ৰমে দীপজ্যোতি ভূমিজ আৰু  বিষ্ণু মিৰ্ধা । দুযোৰে ঘৰ অভয়পুৰতে ।