এইবাৰ পুনৰ আন এজন আলফা সদস্যক মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে আলফা স্বাধীনে।

মৃত্যুদণ্ড বিহা আলফা সদস্য গৰাকীৰ নাম ৰিহন অসম ওৰফে ছাইফুল ইছলাম বুলি জানিব পৰা গৈছে ।

সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰি এই তথ্য জনাইছে আলফা স্বাধীনে ।

মৃত্যুদণ্ডৰে দণ্ডিত কৰা ৰিহণ অসমে আলফাৰ শিৱিৰৰ পৰা তিনিবাৰকৈ পলায়নৰ চেষ্টা কৰা বুলিও উল্লেখ কৰিছে প্ৰেছ বিজ্ঞপ্তিটোত ।

মৃত্যুদণ্ড বিহা আলফা সদস্য গৰাকীৰ ঘৰ গোৱালপাৰা জিলাত বুলি জানিব পৰা গৈছে ।