মাজুলী জিলাৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মাজুলীৰ সকলো বিভাগেই বিভিন্ন ধৰনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ সমান্তৰালভাৱে দুৰ্ঘটনা প্ৰতিৰোধৰ চেষ্টাৰে মাজুলীত পৰিবহন বিভাগৰ বাইক ৰেলী অনুষ্ঠিত হয় ৷ 

জনসাধাৰণে মটৰচাইকেল আৰু চাৰিচুকীয়া বাহন চলাওঁতে মানিব লগা নিতী -নিয়ম সমুহ আৰু মটৰচাইকেল চলাওঁতে হেলমেট পিন্ধা আৰু চাৰিচুকীয়া বাহন  চিত বেল্টকে ধৰি পৰিবহণ আইন মানি চলিবলৈ সজাগতা সৃষ্টিৰ বাবে সুন্দৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷