বৃহস্পতিবাৰৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ হ’ল কমনৱেলথ গেমছ ২০২২। বিশ্বৰ তাৰকা ক্ৰীড়াবিদৰ সমাহাৰ ঘটা ক্ৰীড়া প্ৰতিযোগিতাখনত ৰাজ্যখনৰ ৭ গৰাকীকৈ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে।

ইয়াৰ ভিতৰত ধনশিৰি মহকুমাৰ দুগৰাকীকৈ খেলুৱৈ ক্ৰমে লনবলত সৰুপথাৰৰ নয়নমণি শইকীয়া আৰু বক্সিঙৰ ৭০ কেজি শাখাত বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ লাভলিনা বৰগোহাঁই।

লন বলত গোলাঘাট জিলাৰ সৰুপথাৰৰ টেঙাহোলা গাঁৱৰ নয়নমণি শইকীয়াই আজি বিয়লি খেলপথাৰত নামিব।

ইফালে, বক্সিঙত অলিম্পিকৰ দৰে কমনৱেলথ গেমছতো পদক জয়ৰে দেশ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে সৰুপথাৰবাসীয়ে।