ছিপাঝাৰত লোমহৰ্ষক হত্যাকাণ্ড ৷

নিচাসক্ত যুৱকে কোবাই হত্যা কৰিলে এজন চুবুৰীয়াক।

নিশা সংঘটিত হয় এই হত্যাকাণ্ড।

ছিপাঝাৰ সমষ্টিৰ কটাহীত সংঘটিত এই হত্যাকাণ্ড।

জিতুমণি নাথ নামৰ ২৬ বছৰীয়া যুৱকজনে হত্যা কৰে 

 ৪২বছৰীয়া পৰেশ চহৰীয়াক। জিতুমনি নাথে নিচাসক্ত অৱস্থাত থাকি পৰেশ চহৰীয়াক চিপৰাঙৰ নালেৰে কোবাই হত্যা কৰে ৷ ইতিমধ্যে পাথৰিঘাট আৰক্ষীয়ে হত্যাকাৰী জিতুমনি নাথক আটক কৰিছে। 

হাপামাৰাৰ শহৰেকৰ ঘৰৰ পৰা আটক কৰে আৰক্ষীয়ে । পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্তুু বৈশ্যই তদন্ত আৰম্ভ কৰিছে ৷