ৰঙিয়াৰ পূৱ তুলসীবাৰীত বৰলীয়া নৈৰ প্ৰবল খহনীয়া । এই ভয়াবহ খহনীয়াৰ বাবে জাহ যোৱাৰ উপক্ৰম হৈছে শতাধিক পৰিয়ালৰ ভেটি-মাটি । ইতিপূৰ্বে এই খহনীয়াত অঞ্চলটোৰ ৭৫ টা পৰিয়ালৰ ঘৰ-দুৱাৰ নদীত জাহ গৈছে । ইয়াৰ উপৰিও কেইবা হাজাৰ বিঘা কৃষি ভুমি নৈ খনত বিলীন হৈ গৈছে । প্ৰায় ডেৰ মাহ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানৰ পিছত নৈখন প্ৰায় ২৫০ ফুট পৰ্যন্ত গাওঁখনৰ দিশে আগুৱাই গতি কৰাত অঞ্চলটোৰ বাবে ভাবুকি কঢ়িয়াই আনিছে । নৈখনে গতিপথ সলনি কৰাৰ বাবে গাঁওখনৰ একমাত্ৰ শিক্ষানুষ্ঠানটোৰ মছজিদ এটা জাহ যাবলৈ মাত্ৰ ১০ ফুট বাকী আছে । অঞ্চলটোৰ ৰাইজে জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে আবেদন জনাইছে । কিন্তু জলসম্পদ বিভাগে কোনোধৰণৰ গুৰুত্ব দিয়া নাই । এইলৈ ভুক্তভোগী গাঁওবাসীয়ে ক্ষোভ প্ৰকাশ কৰে । ক্ষুব্ধ গঞাই শীঘ্ৰে গৰাখহনীয়া ৰোধৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰি এনে জ্বলন্ত সমস্যাৰ সমাধান কৰিবলৈ দাবী জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সৰিছাবাৰি সুলভ মূল্যৰ দোকানী আব্দুল জলিলৰৰ হিতাধিকাৰীৰ চাউল বিক্ৰী কৰাৰ অভিযোগ - থানাত গোচৰ
সৰিছাবাৰি সুলভ মূল্যৰ দোকানী আব্দুল জলিলৰ ৰ হিতাধিকাৰীৰ চাউল বিক্ৰী কৰাৰ অভিযোগ - থানাত গোচৰ
নৃশংস হত্যাকাণ্ড! কাছাৰত প্ৰতিৱেশীৰ আক্ৰমণত যুৱকৰ মৃত্যু
সোমবাৰে কাছাৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। কাছাৰৰ সোনাইৰ দক্ষিণ মোহনপুৰ গাঁৱত এই...
MCN NEWS| विरगांव हद्दीत चोरी करणारे दोन दरोडेखोर स्थानिक गुन्हे शाखेच्या ताब्यात
MCN NEWS| विरगांव हद्दीत चोरी करणारे दोन दरोडेखोर स्थानिक गुन्हे शाखेच्या ताब्यात
শাওণৰ পথাৰত জাক জাক ৰোৱনী নাৰায়ণপুৰৰ পথাৰত
ভৰ বাৰিষা শাওণৰ পথাৰ শুৱণি কৰি নাৰায়ণপুৰত জাক জাক ৰোৱনী নামিছে নাৰায়ণপুৰৰ পথাৰত ৷ ১০৮ নং...
অসমীয়াৰ পৰা ইংৰাজী কৰা কথাটোক লৈ সম্পূৰ্ন বিৰোধিতা গহপুৰ ABVPৰ।
প্ৰাথমিক শিক্ষা কেৱল মাতৃভাষাৰ মাধ্যমত হ'ব লাগে; ইয়াৰ দাবীৰে গহপুৰ নগৰৰ গহপুৰ হাইস্কুলৰ সন্মুখত...