বন বিভাগে থলুৱা ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগত কাজিৰঙাত প্ৰতিবাদ।কহঁৰা বনাঞ্চলৰ দাতিকাষৰীয়া ১ নং শিলডুবি গাৱৰ ৰাইজৰ সহযোগত কহঁৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাজিৰঙা শাখাই।সংগঠনটোৰ অভিযোগ বন বিভাগে বছৰ বছৰ ধৰি বসবাস কৰি অহা লোকসকলক অত্যাচাৰ চলাই অহাৰ লগতে উচ্ছেদৰ ভাবুকি প্ৰদান কৰি আহিছে।ইপিনে সংঠনটোৰ অভিযোগসমূহ অস্বীকাৰ কৰে বন বিভাগৰ বিষয়াই।