সমগ্র ৰাজ্যৰ লগতে জোনাই মহকুমাতো তৃতীয় বৰ্গৰ কৰ্মচাৰী পদৰ বাবে মুঠ সাতটা কেন্দ্ৰত মুঠ ২৯০০ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে l জোনাই মহকুমাৰ মূৰকং চেলেক মহাবিদ্যালয়তো অনুষ্ঠিত হৈছে পৰীক্ষা । সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা মাজেৰে প্ৰৱেশ কৰিব দিয়া হৈছে মুঠ 800 জন পৰীক্ষাৰ্থীক । জোনাই আৰক্ষীয়ে পৰীক্ষাৰ্থী সকলক তন্ন তন্ন কৈ পৰীক্ষা কৰিহে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ অনুমতি দিছে l চাৰিওফালে নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হৈছে তৃতীয় বৰ্গ কৰ্মচাৰীৰ পদৰ লিখিত পৰীক্ষা