কাজিৰঙাত এটা বাঘৰ মৃত্যুক কেন্দ্ৰ কৰি
সাধাৰণলোকক মাৰধৰ কৰি হাৰাশাস্তি কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে। অভিযোগ অনুসৰি দাঁতিকাষৰীয়া লোকক বন বিষয়াৰ কাৰ্য্যালয়লৈ মাতি নি শাৰীৰিক ভাৱে প্ৰহাৰ কৰাত গুৰুতৰ ভাবে আহত হৈছে তিনিজন লোক। জানিব পৰা মতে যোৱা ফেব্ৰুৱাৰী ২৮ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেঁকীয়াপতিয়া বাঘৰ মৃত্যু হৈছিল কঁহৰা বনাঞ্চলৰ সমীপৰ ১ নং শিলডুবি গাঁৱত। বাঘটোৰ মৃত্যুৰ খৱৰ বন বিভাগক দিছিল স্থানীয় ৰাইজে। বন বিভাগে মৃত বাঘটোৰ কাষত উদ্ধাৰ কৰিছিল এটা মৃত গৰু। বন বিভাগে সন্দেহ প্ৰকাশ কৰিছিল মৃত গৰুটোত কোনো লোকে বিহ দিয়াৰ ফলত বাঘটোৱে ভক্ষণ কৰি মৃত্যু মুখত পৰে। বিহ দিয়াৰ অভিযোগত বিভিন্ন সময়ত বন বিভাগে গাঁও খনৰ একাংশ লোকক সুধপোচৰ বাবে মাতি নি হাৰাশাস্তি কৰি আহিছিল। শুক্ৰবাৰে পুৱাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ১ নং শিলডুবি গাঁৱৰ ৯ জন লোকক সুধপোচ বাবে নিয়ে কঁহৰা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়লৈ। গোটেই দিনটো সুধপোচ কৰাৰ অন্তত নিশা প্ৰায় দুই বজাত তিনিজন লোকক এৰি দিয়ে বন বিভাগে। আনহাতে আন ৬ জন লোক এতিয়াও আছে বন বিভাগৰ জিম্মাত। এৰি দিয়া তিনিজন লোকৰ অভিযোগ বন বিভাগৰ কৰ্মচাৰীয়ে মাৰধৰ কৰি গুৰুতৰ ভাবে আহত কৰিছে। ইফালে, সমগ্ৰ ঘটনা লৈ শিলডুবি গাঁৱত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা। বন বিভাগে নিৰ্দোষী লোকক হাৰাশাস্তি কৰা বাবে অনুষ্ঠিত হয় এই সভা। সভাত অংশগ্ৰহণ কৰে চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠন কেইটাই বন বিভাগে নিজৰ দোষ ঢাকিবলৈ নিৰ্দোষী লোকক হাৰাশাস্তি কৰা বন্ধ কৰি উচিত তদন্তৰে প্ৰকৃত দুষীক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে।