বৰ্ষ ২০০৮ ত স্থাপিত ৰহা ৰহদৈ বাৰোৱাৰী যুৱ মঞ্চয়ে এইবৰ্ষ ষষ্ঠদশ বাৰ্ষিক শ্ৰীশ্ৰী দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

সমস্ত ৰহা,চাপৰমুখ ত বিভিন্ন পুজা সমিতিৰ দ্বাৰা আগন্তুক শাৰদীয় দুৰ্গোৎসবৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে মৃৎ শিল্পী সকলেও মাৰ প্ৰতিমা ক অন্তিম পৰশ দিয়াত দিনে ৰাতি ব্যস্ত হৈ পৰিছে।

    এই বৰ্ষ ৰহা পুৰনাচাৰিআলী দুৰ্গোৎসব সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষ উল্লহ মালহেৰে উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোবাৰ লগতে তীৰ্থ স্থল কেদাৰনাথ ধামৰ আৰ্হিত মা দুৰ্গাৰ পণ্ডাল নিৰ্মান কৰি থকা হৈছে।লগতে   ৰহা সাৰ্বজনীন দূৰ্গা পুজা উদযাপন সমিতিৰ দ্বাৰা  বজাৰত দুৰ্গা পুজাৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা জ্যোতি সংঘ দুৰ্গা পুজা উদযাপন সমিতিৰ দ্বাৰা প্ৰত্যেক বৰ্ষই বিভিন্ন আৰ্হিত মাৰ পণ্ডাল নিৰ্মান কৰি ভক্ত সকলৰ দৃষ্টি আকৰ্ষণ কৰি অহাৰ লগতে এই বৰ্ষ ৰহা জ্যোতি সংঘই বিশেষ আকৰ্ষণ ৰুপে নিৰ্মান কৰি আছে শংখ-চক্ৰ-গদ্দা -পদ্ম।

       ৰহা নতুন চাৰিআলি সাৰ্বজনীন শিৱ মন্দিৰত ৰহদৈ বাৰোবাৰী যুব মঞ্চ ৰ সৌজন্যত ষষ্ঠদশ বাৰ্ষিক শ্ৰীশ্ৰী দুৰ্গা পুজা ৰ ব্যাপক প্ৰস্তুতি চলাই থকা ৰ লগতে ১৪ অক্টোবৰত শ্ৰীমহালয়া উপলক্ষে পূবা চণ্ডী পাঠ শ্ৰবন,মাংগলিক বাদ্যৰে দেবীৰ আহ্বান।

   ২০ অক্টোবৰত শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা দেবীৰ ষষ্ঠাদী কলহ স্থাপন আৰু ষষ্ঠী বিহিত পূজা অৰ্চনা।

   ২১ অক্টোবৰত পূবা প্ৰতিমা স্নানৰ বাবে আয়তী ৰ দ্বাৰা পবিত্ৰ জল যাত্ৰা আৰু দুৰ্গা দেবীৰ মহাসপ্তমী কলহ স্থাপন,পূজা অৰ্চনা কৰা হব।সন্ধ্যা দক্ষিণ কপিলীপৰিয়া নামতি দল,আমতলা  ৰ দ্বাৰা নাম প্ৰসঙ্গ অনুষ্ঠিত হব।

২২অক্টোবৰত মহা অষ্টমী বিহিত পূজা অৰ্চনা আৰু কলহ স্থাপন।সন্ধ্যা নৱজাগৰন কেন্দ্ৰীয় সাংস্কৃতিক গোষ্ঠী,দক্ষিণপাট দ্বাৰা নাম প্ৰসঙ্গ অনুষ্ঠিত হব।

    ২৩ অক্টোবৰত মহানবমী বিহিত পূজা অৰ্চনা আৰু কলহ স্থাপন কৰাৰ পাছত শ্ৰীশ্ৰী কুমাৰী পুজা।সন্ধ্যা ৰামকৃষ্ণ নামতি দল,বৰঙাবাৰী মৰিগাঁও ৰ দ্বাৰা নাম প্ৰসঙ্গ অনুষ্ঠিত হব।

  ২৪অক্টোবৰ মহাদশমী বিহিত পূজা অৰ্চনা কৰাৰ পাছত সন্ধ্যা মাৰ প্ৰতিমাক জল বিসৰ্জন কৰা হব।

 শাৰদীয় দুৰ্গা পুজা সূচাৰু পৰিচালনাৰ বাবে শৰৎ হাজৰিকাক সভাপতি,দিপুমনি বৰাক সাধাৰণ সম্পাদক হিচাপেলৈ ষষ্ঠদশ বাৰ্ষিক ৰহদৈ বাৰোৱাৰী যুৱ মঞ্চ দুৰ্গা পুজা উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ উপ সমিতি গঠন কৰা হৈছে।