বকতাত বাঘৰ সন্ত্ৰাস, বহুজনৰ পশুধন নিধন

চৰাইদেউ জিলাৰ সৈতে সংলগ্ন শিৱসাগৰৰ বকতাত বাঘৰ সন্ত্ৰাস ৷ স্থানীয় ৰাইজে হাবিত বাঘ খেদা চেষ্টা কৰিছে ৷ বকতাৰ দিচাং নৈৰ দাঁতিকাষৰীয়া লাখমনি, সোণাপুৰ, জালুকণি, বৈৰাগীবৰ আদি চাৰিখন গাঁৱে সামৰা এক বিস্তৃত এলেকাত যোৱা কেবামাহো ধৰি বাঘৰ সন্ত্ৰাস অব্যাহত আছে। জানিব পৰা মতে নৈৰপৰীয়া  হাবিত দীৰ্ঘদিনৰ পৰা থিতাপি লোৱা কেইবাটাও নাহৰফুটুকীয়ে স্হানীয় গঞা ৰাইজৰ পোহনীয়া গো-ধন, ছাগলী নিধন কৰি সন্ত্ৰাস সৃষ্টি কৰিছে। যোৱা দুদিনৰ ভিতৰতে বৈৰাগীবৰ গাঁৱৰ বাসিন্দা তিলক ফুকন, যুগ ফুকনৰ দুজনীকৈ গাই নিধন কৰিছে। বিশেষভাৱে নৈৰপৰীয়া গাঁওবাসীয়ে চাপৰি অঞ্চলত খাৰিফ শস্যৰ খেতি কৰি যথেষ্ট লাভৱান হৈছিল যদিও বৰ্তমান বাঘৰ আতংকৰ বাবেই কৃষি কৰ্মত নামিব পৰা নাই। আনকি বাঘৰ অবাধ বিচৰণৰ বাবে প্ৰায় চাৰি কিলো'মিটাৰ দৈৰ্ঘৰ নৈপৰীয়া এলেকাটোত মানুহে হাবিৰ খৰি, ঢেকীয়া, ঔটেঙা বিচাৰি যাবলৈও আতংকত ভুগিছে। ভুক্তভোগী ৰাইজে জিলা বন বিভাগক বাঘকেইটা পিঞ্জৰাৱদ্ধ কৰিবলৈ আহ্বান জনাইছে।