অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ৰহা শাখাৰ উদ্যোগত আজি ৰহাত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উলহ মালহেৰে পালন কৰা হয়।

   ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলন ৰ উদ্যোগত আজি পূবা ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ প্ৰাঙ্গণ ত শাখা সভাপতি মনোৰমা ভুঞা পতাকা উওোলন, কাৰ্য্যকাৰী সভাপতি জতিন্দ্ৰ কুমাৰ পাৰৈয়ে বন্তি প্ৰজ্বলন আৰু উপদেষ্টা লোকনাথ দাস,ভগৱন চন্দ্ৰ গোস্বামীৰ দ্বাৰা স্মৃতি তৰ্পন কৰি শুভাৰম্ভ কৰাৰ পাছত শাখা সভাপতি মনোৰমা ভুঞা ৰ সভাপতিত্বত আৰু সম্পাদক বিনোবা ৰাজবংশী ৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা মুকলি সভাত অৱসৰ প্ৰাপ্ত সংযুক্ত স্বাস্থ্য সেবা সঞ্চালক ড° কৃষ্ণ কুমাৰ বৰা মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিভিন্ন বেমাৰৰ পৰা হাত খাৰিবলৈ লোবা সাবধানতা বিষয়ে বিস্তৃত ভাবে অবগত কৰাৰ লগতে বিভিন্ন জনৰ দ্বাৰা শুদ্ধা প্ৰশ্নৰ উওৰ দিয়ে।লগতে সভাত বিশিষ্ট অতিথি ৰূপে ৰহা মহাবিদ্যালয় অধ্যক্ষ ড° বেদ কুমাৰ চলিহা আৰু আমন্ত্ৰিত অতিথি ৰুপে ৰহা ৰাজহ চক্ৰ বিষয়া সুপ্ৰভা ৰয় উপস্থিত থাকি সভা সম্বোধন কৰাৰ লগতে জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে ৭গৰাকী জ্যেষ্ঠ নাগৰিক ক্ৰমে মহেশ চন্দ্ৰ লচকৰ,কমল চন্দ্ৰ শৰ্মা,নিৰু বৰা,সুষমা বৰা,মানিক চন্দ্ৰ নাথ, লোকনাথ দাসক শাখাৰ ফালৰ পৰা এখন এখন ফুলাম গামোচা,জাপি,ধৰ্ম পুথি আৰু অভিনন্দন পত্ৰ কৰি বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।

          অনুষ্ঠানত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাংগঠনিক সম্পাদক মনিৰাম নাথ, কাৰ্য্যনিৰ্বাহক সদস্য ভদ্ৰকান্ত নাথ,নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাংগঠনিক সম্পাদক মাধব চন্দ্ৰ নাথ সহ ৰহা বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক জ্যেষ্ঠ নাগৰিক,ৰহা শাখাৰ প্ৰতিনিধি আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।