অসমৰ একমাত্ৰ আৰু প্ৰথম খন অত্যাধুনীক ডাম্পিং গ্ৰাউণ্ড তিতাবৰত স্হাপন কৰা হৈছে ৷ তিতাবৰ নগৰখন আটতধুনীয়া পৰিস্কাৰ কৈ ৰখাৰ বাবে তিতাবৰ পৌৰ সভাই প্ৰায় 82 লাখ টকা ব্যয় কৰি নিৰ্মান কৰি উলিয়ালে এই অত্যাধুনীক টেক্নলজিৰ এই প্ৰক্লপটো ৷ ডাম্পিং গ্ৰাউণ্ড বুলি কলেই আপোনাৰ মনলৈ ভাঁহি আহিব দুৰ্গন্ধময় আৰু এক অপৰিষ্কাৰ পৰিবেশৰ। আৰু সেই স্থানলৈ যোৱাটো আপুনি হয়তো কেতিয়াও কোনোকালে কামনা নকৰিব। কিন্তু এইবাৰ তিতাবৰত আটক ধুনীয়াকৈ নিৰ্মান কৰি উলিওৱা হৈছে ৰাজ্যৰ ভিতৰতে প্ৰথমখন অত্যাধুনিক ডাম্পিং গ্ৰাউণ্ড।

অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মান কৰি উলিওৱা ডাম্পিং গ্ৰাউণ্ড খন দেখা পালে এবাৰ হলেও যাবলৈ মন যাব আপোনাৰ। পার্ক সদৃশ পৰিবেশৰ মাজত নিৰ্মান কৰি উলিওৱা ডাম্পিং গ্ৰাউণ্ড খনৰ জৰিয়তে অধ্যয়নৰ সমলো বিচাৰি পাব ছাত্ৰ ছাত্ৰীয়ে। কিয়নো জাৱৰ নিষ্কাষণৰ সমান্তৰাল ভাৱে প্লাষ্টিক, পলিথিন আদিৰ সংশোধন কৰি পুনৰ ব্যৱহাৰযুক্ত কৰি তোলা, মানৱ মল নিষ্কাশন আৰু ইয়াৰ দ্বাৰা জৈৱিক সাৰ প্ৰস্তুতৰ কৌশলো ব্যৱহাৰ কৰা হৈছে ডাম্পিং গ্ৰাউণ্ড খনত।