বৃহস্পতিবাৰে তিনিচুকীয়াৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত শিলিখা চাহ বাগিচাত বিনামূলীয়া বিশেষ চিকিৎসা শিবিৰ সম্পন্ন হৈ যায়  ।

তিনিচুকীয়া জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুস্থিত হোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰটো জিলাখনৰ স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়াৰ উপস্থিতিত ডুমডুমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীয়ে শুভ উদ্বোধন কৰে ।

হাপজান ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চাহ বাগিচা খনত হৈ যোৱা বিশেষ স্বাস্থ্য শিবিৰটোত বাগিচা খনৰ ৯২ গৰাকী গৰ্ভৱতী মহিলা সহ ৮২ গৰাকী শিশু ৰোগীৰ লাগতে অন্যান্য ২৩৩ গৰাকী ৰোগীৰে সৰ্বমুঠ ৪০৭ গৰাকী ৰোগীয়ে বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰে ।