মটক ৰজা ভগীৰথ গোহাঁইৰ স্মৃতিত নিৰ্মাণ হ'ব মৈদাম। অসম চৰকাৰৰ মটক জনগোষ্ঠী উন্নয়ন বিশেষ অৰ্থনৈতিক পেকেজৰ অধীনত ৪২ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া মৈদামটো আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়। চাবুৱাৰ ৰজাবাৰীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই মৈদামৰ নিৰ্মাণকাৰ্য আধাৰশিলা কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ বৰা আৰু বৰ্তমানৰ সভাপতি ৰঞ্জিত গোহাইয়ে। মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অমলেন্দু ফুকনে আঁত ধৰা অনুষ্ঠানত মাংগলিক অনুষ্ঠানৰ জৰিয়তে আধাৰশিলা স্থাপন কৰা এই কাৰ্যসূচীত সন্মিলনৰ নেতৃত্বই এই ঐতিহাসিক মৈদামস্থলীয়ে মটক জনগোষ্ঠীৰ ঐতিহ্য বহন কৰিব বুলি আশা প্ৰকাশ কৰিছে। আনহাতে পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব ঐতিহাসিক ৰজা ভগীৰথ গোহাইৰ মৈদামস্থল।

এই মৈদাম ক্ষেত্ৰত নামঘৰসহ তিনিটাকৈ মৈদাম, অত্যাধুনিক উদ্যান, পদপথ তথা জিৰণি চ'ৰা নিৰ্মাণ কৰা হ'ব। অনুষ্ঠানত সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি প্ৰশান্ত চেতিয়া, সহকাৰী সম্পাদক নিৰূপন দুৱৰা, বিত্ত সম্পাদক সৌৰভ খাউণ্ড, পৰিৱেশ আৰু পৰ্যটন সম্পাদক গীৰিশ পাত্ৰ, কোষাধ্যক্ষ সত্যজিৎ খাউণ্ড, কাৰ্যালয় সম্পাদক খগেশ্বৰ গগৈ, শিক্ষা সম্পাদক সৌমাৰজ্যোতি গগৈ, ডিব্ৰুগড় জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপ-সভাপতি মৃদুৰঞ্জন চেতিয়া, সাংগঠনিক সম্পাদক আদিত্য গগৈ, মটক স্বায়ত্ত শাসিত পৰিষদৰ দেৱজিত ৰাজখোৱা, নৱজ্যোতি শইকীয়াকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।