নামভৰ্তি মাছুল বৃদ্ধি প্ৰসংগক লৈ কালিৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই আৰম্ভ কৰা আন্দোলনৰ পিছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সংবাদমেল। সংবাদমেলত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0জীতেন হাজৰিকাই কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৯ খন বিশ্ববিদ্যালয়ৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়তে সকলোতকৈ নামভৰ্তি মাছুল কম। কিন্তু, বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে এই বিষয়সমূহ ভালদৰে বিশ্লেষণ নকৰা বাবেই এনেধৰনৰ প্ৰতিবাদৰ কাৰ্যসূচী আৰম্ভ হৈছে বুলি মতপ্ৰকাশ কৰে। শিক্ষাৰ্থীসকলে প্ৰকৃত আৰু উন্নতমানৰ শিক্ষা প্ৰদান কৰিবৰ বাবে যাৱতীয় কিছুমান সুবিধা প্ৰদান কৰিবৰ বাবেহে এই মাছুল বৃদ্ধি কৰা হৈছে বুলি উপাচাৰ্যগৰাকীয়ে মতপ্ৰকাশ কৰে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন নামভৰ্তি মাছুল অনুসৰি কলা শাখাত ৫৯৮২ টকা, বিজ্ঞান শাখাত ৯১৯৪ টকা আৰু বাণিজ্য শাখাত ৫৯৮২ টকা বৃদ্ধি কৰা হৈছে। উপাচাৰ্যগৰাকীয়ে কয় যে সকলো সিদ্ধান্ত বা কাম ছাত্ৰ সমাজৰ অনুসৰি বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক যন্ত্ৰ নচলে।গতিকে,অতিৰঞ্জিত কাম কৰিলে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে। আজি সংবাদমেলত বিশ্ববিদ্যালয়ৰ শিক্ষক গোট, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাই সহযোগিতা আগবঢ়ায়।