নতুন দিল্লী, ২৪ আগষ্ট। দেওবাৰে নতুন দিল্লীত কংগ্ৰেছ সভাপতি নিৰ্বাচন সম্পৰ্কীয় কাৰ্যসূচী অনুমোদিত বিষয়ৰ বাবে কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে ভাৰ্চুৱেলি এক বৈঠক অনুষ্ঠিত কৰিব। দলৰ সভাপতি ছোনিয়া গান্ধীয়ে বৈঠকখনত সভাপতিত্ব কৰিব।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কেচি বেণুগোপালে বুধবাৰে কয় যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ তাৰিখৰ সঠিক সময়সূচী অনুমোদন কৰিবলৈ ২৮ আগষ্টৰ আবেলি ৩:৩০ বজাত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হ'ব। কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে চিডব্লিউচিৰ বৈঠকত সভাপতিত্ব কৰিব। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীও এই সভাত ভাৰ্চুৱেলি যোগদান কৰিব।