১ আগষ্টৰ পৰা পুৰণি বিধায়ক আৱাসৰ বিধায়ক সকলৰ ঘৰৰ বিদ্যুৎ, পানী যোগান আদি কৰ্তন কৰা হ’ব। বিধানসভা সচিবালয়ে জাননী জাৰি কৰি এই কথা জানিবলৈ দিয়ে। 

ইতিমধ্যে বিধায়কসকলে তেওঁলোকৰ বাসগৃহ খালী কৰিছে যদিও বহু বিধায়কে এতিয়াও ভাড়াঘৰ বিচাৰি পোৱা নাই। 

ভাড়াঘৰ খালী নকৰা বিধায়ক সকলৰ আৱাসগৃহৰ এই সমূহ সুবিধা কৰ্তন কৰা হ’ব। 

উল্লেখ্য যে, আগষ্ট মাহত ভাঙি পেলোৱা হ’ব দিছপুৰৰ বিধায়কৰ ক’টেজ আৰু নিউ এম এল এ হোষ্টেল।

ইয়াৰ বাবে অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে শেহতীয়াকৈ এখন জাননী যোগে ২০ জুলাইৰ পূৰ্বে সকলো বিধায়কক আৱাসগৃহ খালী কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল।

বৰ্তমানৰ নিউ এম এল এ হোষ্টেল আৰু ক’টেজৰ ঠাইত নতুনকৈ বিধায়কসকলৰ বাবে আৱাসিক অট্টালিকা নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱশ্যে বিধায়কসকলক ভাড়াঘৰৰ বাবদ মাহেকত ৫০ হাজাৰকৈ টকা প্ৰদান কৰিব।