আজি ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ প্ৰট'কল ভংগৰ অভিযোগত শিলচৰত গ্ৰেপ্তাৰ হৈছে কলেজ অধ্যক্ষ।

কাছাৰ জিলা উপায়ুক্তৰ তৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে শিলচৰ কাছাড় কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক৷

কলেজৰ পৰা গ্ৰেপ্তাৰ কৰি শিলচৰ সদৰ থানাত অধ্যক্ষগৰাকীক জেৰা চলাই আছে আৰক্ষীয়ে। 

কাছাড় কলেজ পৰীক্ষা কেন্দ্ৰত প্ৰট'কল ভংগ হৈছে বুলি তথ্য লাভৰ পাছত জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝায়ে আৰক্ষীত গোচৰ ৰুজু কৰিছিল।

গোচৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে লগে লগে অধ্যক্ষ গৰাকীক গ্ৰেপ্তাৰ কৰে।