মুম্বাই, ১৮ আগষ্ট। বিখ্যাত ষ্টেণ্ড-আপ কমেডিয়ান আৰু অভিনেতা কপিল শৰ্মাৰ আহিবলগীয়া ছবি 'জিংৱাটো' বৰ্তমান চৰ্চাত থকা এখন ছবি। দৰাচলতে, কপিল শৰ্মাৰ ছবিখন শীঘ্ৰেই টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ'ব। অপ্লাজ এন্টাৰটেইনমেন্ট আৰু নন্দিতা দাস ইনিশিয়েটিভে ঘোষণা কৰিছে এই কথা। সমসাময়িক বিশ্ব চলচ্চিত্ৰ শাখাত ৪৭ তম টৰণ্টো চলচ্চিত্ৰ মহোৎসৱত জিংৱাটোৰ বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হ'ব।

উল্লেখনীয় যে ছবিখনত শ্বাহনা গোস্বামীক কপিল শৰ্মাৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। সমান্তৰালকৈ কপিল শৰ্মাক এই ছবিখনত ফুড ডেলিভাৰী বয় হিচাপে দেখা যাব। কপিল শৰ্মাই তেওঁৰ নতুন চলচ্চিত্ৰখনক লৈ অতি উৎসাহিত আৰু অনুৰাগীসকলেও এই ছবিখনৰ বাবে অপেক্ষা কৰি আছে। ছবিখন পৰিচালনা কৰিছে বিখ্যাত অভিনেত্ৰী আৰু পৰিচালক নন্দিতা দাসে।