যোৱা দুটা দিন ধৰি অসম আৰক্ষীৰ নিদ্ৰা হৰণ কৰা ঢকুৱাখনাৰ দুৰ্ধৰ্ষ দাগী অপৰাধী গেৰজাই বৰুৱা ওৰফে ৰাজু বৰুৱাৰ অত্যাচাৰী জীৱনৰ অৱশেষত অৱসান ঘটিল ৷ যোৱা মঙলবাৰে ঢকুৱাখনা ন্যায়িক আদালতৰ লকাপৰ ভিতৰত থকা লেটিনৰ ভিতৰৰ খিৰিকীৰ গীল, গ্লাছ ভাঙি পলায়ন কৰিছিল গেৰজাই লগত যতীন তামুলী আৰু সোণটি দাস নামৰ দুৰ্ধৰ্ষ অপৰাধীটো ৷ ইয়াৰে বৰদৈবামৰ যতীন তামুলীক উক্ত দিনাই বান্তৌ পথাৰৰ মাজৰ পৰা খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও ঢকুৱাখনাৰ গেৰজাই বৰুৱা ( ৰাজু ) আৰু সোণটি দাসক বিচাৰি দিনে নিশাই অভিযান অব্যাহত ৰাখিছিল অসম আৰক্ষীয়ে ৷

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

 ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা, ঢকুৱাখনা থানাৰ অচি নৱজ্যোতি ৰয় ,ঘিলামৰা থানাৰ অচি চন্দন দাস ,সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণ বাহাদুৰ ছেত্ৰীৰ নেতৃত্বত এটা বিশাল আৰক্ষী দল আৰু গাঁওৰক্ষী বাহিনী সহযোগ বান্তৌ চাপৰিকে আদিকৰি দাতিকাষৰীয়া গাওঁ এলেকাৰ সমূহত অভিযান চলাইছিল । ইপিনে আজি পুৱতি নিশা ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কিলাকিলি গাঁৱৰ এটা জানৰ পানী যুঁৱলিত আত্মগোপন কৰি থকা সন্ধান লাভ কৰিছিল আৰক্ষীয়ে। দুধর্ষ হত্যাকাৰীটোৰ সন্ধান চলাই থকাৰ মাজতে গৰু এৰাল দিব যোৱা এজন কৃষকে প্ৰথমে প্ৰতক্ষ্য কৰিছিল গেৰজাইক। বিষয়টো গাঁওৰক্ষী বাহিনীক অৱগত কৰাত অগণন ৰাইজ ,বাহিনীৰ সমূহ সদস্য উক্ত স্থানত উপস্থিত হৈ স্থানীয় ৰাইজে প্ৰত্যুক্ষ কৰি পৰৱৰ্তী সময়ত ঢকুৱাখনা আৰক্ষীক খবৰ দিয়ে।কিন্তু আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই গেৰজাইৰ কৰ্ম-কাণ্ডত ক্ষুব্ধ হৈ থকা একাংশ উত্তেজিত লোকে উত্তম-মাধ্যম শোধাই গুৰুতৰভাৱে আহত কৰে ।ডেৰ দশক ধৰি ঢকুৱাখনাত চুৰি,ডকাইতি, হত্যা, ধৰ্ষন ইত্যাদি অসংখ্য ঘটনাৰে সন্ত্ৰাস সৃষ্টি কৰি অহা দুৰ্ধষ অপৰাধী গেৰজাই বৰুৱা ওৰফে ৰাজু ৰাইজৰ প্ৰহাৰত মুমূৰ্ষু ৰূপ লোৱাত গেৰজাইক মহকুমা আৰক্ষী বিষয়া ভূঞাই উদ্ধাৰ কৰি আনিবলৈ অপ্ৰাণ চেষ্টা কৰে যদিও ৰাইজৰ আক্ৰমণ চলি থাকে ৷ উত্তেজিত ৰাইজৰ কৱলৰ পৰা গুৰুত্বৰভাৱে আহত অৱস্থাত গেৰজাইক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সৰ জৰিয়তে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও কিন্তু চিকিৎসকে গেৰজাই ওৰফে ৰাজু বৰুৱাক (৪৫) মৃত ঘোষণা কৰে।

উল্লেখ্য যে এই ঘটনাত আহত হৈছে আৰক্ষী জোৱান যজ্ঞোৰাম চিন্তে আৰু গৃহৰক্ষী জোৱান গুণাভি বৰুৱা। দুয়োকে উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হৈছে। ইফালে গেৰাজাইৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ঢকুৱাখনাবাসীয়ে স্বস্তিৰ নিশ্বাস পেলোৱাৰ সমান্তৰালকৈ গেৰাজাইৰ মৃতদেহ প্ৰত্যুক্ষ কৰিবলৈ শ শ জনতাই ভিৰ কৰেহি ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত। জনতাৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈও আৰক্ষী নিয়োগ কৰিবলগীয়া অৱস্থা সৃষ্টি হয় অসামৰিক চিকিৎসালয়ৰ চৌহদত । উল্লেখ যে নৰ হত্যাকাৰী ঢকুৱাখনা মাজ জালভাৰী গাঁৱৰ মৃত গেৰজাই ওৰফে ৰাজু বৰুৱা এটা দুটা নহয় গেৰজাই বৰুৱাৰ বিৰুদ্ধে কেইবাখনো থানাত আছিল কেইবাটাও গোচৰ। ঢকুৱাখনা, ঘিলামৰা, গোগামুখ, শিৱসাগৰকে ধৰি উজনি অসমৰ কেইবাখনো আৰক্ষী থানাত গেৰজাই বিৰুদ্ধে পঞ্জীভূত হৈছিল প্ৰায় ৭ টাকৈ গোচৰ। যোৱা ২২ জানুৱাৰীত লখিমপুৰ চিকিৎসা মহাবিদ্যালৰ ক'ভিড ৱাৰ্ডৰ পৰা হেণ্ডকাফ সহ পলায়ন কৰিছিল । দুদিনৰ পিছতেই ঢকুৱাখনা আৰক্ষীয়ে অপৰাধীটোক আটক কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ ২৪ ছেপ্টেম্বৰত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল এইটো দুৰ্ধষ অপৰাধীক। সম্প্ৰতি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত গেৰজাইৰ মৃতদেহ ৰখা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।গেৰাজাইৰ মৃত্যুৰ লগে লগে যোৱা ডেৰ দশক ধৰি ঢকুৱাখনাত চুৰি,ডকাইতি, হত্যা, ধৰ্ষনৰে সৃষ্টি কৰি অহা সন্ত্ৰাসৰো অৱসান ঘটিছে যদিও ইয়াৰে আনজনৰ অভিযুক্ত ঢকুৱাখনা হুজগাঁৱৰ-সুন্তি দাসক বৰ্তমানলৈকে কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে। অপৰাধী দাসক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷