দৰং জিলাত দৈনিক বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজ । জাপানীজ এনকেফেলাইটিজ ৰোগত জিলা খনত কেইজনো লোকে ইতিমধ্যে মৃত্যুক সাৱটি লব লগীয়া হৈছে।
তেনে সময়তে মঙ্গলদৈ স্বাস্থ্য বিভাগৰ পৰা মঙ্গলদৈ চহৰৰ বাট পথত ঔষধি যুক্ত ধোঁৱা (ফগিঙ)ৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে ধোঁৱা দিয়া এই ব্যৱস্থা চহৰৰ লগতে গাওঁ সমূহতো কাৰ্যকৰী কৰা বুলি স্বাস্থ্য বিভাগৰ ফালৰ পৰা জানিবলৈ দিছে।