জনজাতিকৰণৰ দাবীত চিলাপথাৰত প্ৰধানমন্ত্ৰী মূখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ ৰে আটাছুৰ প্ৰতিবাদ

চিলাপথাৰৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰ প্ৰতিমূৰ্তি। সদৌ টাই আহোম ছাত্ৰ সন্থা কৰ্মকৰ্তা ই প্ৰতিমূৰ্তি দাহৰে সাবস্ত্য কৰিছে উত্তাল প্ৰতিবাদ। উল্লেখ্য যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৫ ৰাজ্যৰ ১৫ টাকৈ জনগোষ্ঠীক জনজাতি কৰণ কৰিছে কিন্তু দীৰ্ঘ দিনৰ পৰা অসমৰ ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ বাবে চৰকাৰক দাবী জনায় আহিছে যদিও চৰকাৰে ললিপপ দি আহিছে । যাৰ পৰিপ্ৰেক্ষিতত আজি সমূগ্ৰহ ৰাজ্য ৰ লগতে ধেমাজিৰ চিলাপথাৰ নগৰৰ মাজমজিয়াতো সন্ধিয়া ৭ বজাত আটাছু কৰ্মীয়ে চিলাপথাৰ-লিকাবালি সংগযোগী ৰাজপথৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰ প্ৰতিমূৰ্তি দাহ কৰি সাবস্ত্য কৰে প্ৰতিবাদ । প্ৰতিবাদী সকলে বিজেপি হুচিয়াৰ , জনজাতি আমাক লাগিব , আটাছু জিন্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে উত্তাল কৰি তুলে পৰিবেশ। ইফালে ৰাজপথত অৱৰোধ কৰাৰ ফলত বহু সময় ধৰি ৰাজপথৰ দুয়োকাষে বহু যান বাহন আবদ্ধ হৈ পৰে।