ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধিন ৰাজ্য চৰকাৰৰ দ্বাৰা ৰাজ্যৰ ৰাস সমিতিলৈ আৰ্থিক অনুদান প্ৰদান কৰাৰ সমান্তৰালকৈ ৬১নং ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২২৩ৰাস উৎসৱ উদযাপন সমিতিলৈ ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে আজি বিধায়ক গৰাকীৰ বাসগৃহত অনুষ্ঠিত হোবা আৰ্থিক অনুদান বিতৰন অনুষ্ঠানত ২৫-২৫হাজাৰ টকাৰ চেক প্ৰদান কৰে।

     চেক প্ৰদান কৰি বিধায়ক শশীকান্ত দাসে কয় অহা ১১নবেম্বৰত ৰহালৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনসভাক সম্বোধন কৰাৰ লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ চেক প্ৰদান কৰে।

  চেক বিতৰন অনুষ্ঠানত নগাঁও জিলা বিজেপি ৰ উপ সভাপতি সুবৰ্ন সিং,চাপৰমুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জনাৰ্দন শইকীয়া ৰহা বিজেপি বিভিন্ন মণ্ডলৰ সভাপতি,সম্পাদক সহ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২২৩ৰাস উৎসব উদযাপন সমিতিৰ বিষয় ববীয়া আৰু বিজেপি নেতা কৰ্মী উপস্থিত থাকে।

ৰহা ৰাজহ চক্ৰ অন্তৰ্গত ১২৯,কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত ২৯ আৰু সদৰ ৰাজহ চক্ৰ ৰ অন্তৰ্গত ৬৫ৰাস সমিত সহ ২২৩ৰাস সমিতিলৈ ২৫-২৫হাজাৰ টকাৰ চেক বিতৰন কৰা হয়।