বিদ্যা ভাৰতী শিক্ষা সংস্থান ৰ উদ্যোগত অহা ৫ৰ পৰা ৭নবেম্বৰৰ লৈকে বিহাৰৰ সীতামঢিত অনুষ্ঠিত হব লগা অখিল ভাৰতীয় সংস্কৃত মহোৎসৱ ৰ বাবে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৬ ছাত্ৰ আৰু ৬গৰাকী ছাত্ৰী সহ ১২ছাত্ৰ ছাত্ৰী যাব আৰু ছাত্ৰ ছাত্ৰী য়ে সংস্কৃত মহোৎসৱত অসমৰ কলা সংস্কৃতি সত্ৰিয়া আৰু বিহু নৃত্য প্ৰদৰ্শন কৰিব।

      ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্কৃত মহোৎসৱ ত অংশ গ্ৰহণ কৰিব পাই উৎফুল্লিত হৈ পৰিছে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য আচাৰ্য্যা,অবিভাবক অবিভাবিকা আৰু ছাত্ৰ ছাত্ৰী।

    সংস্কৃত মহোৎসৱ ত অংশ গ্ৰহনৰ বাবে আজি ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনত ১২গৰাকী ছাত্ৰ ছাত্ৰীয়ে সত্ৰিয়া আৰু বিহু নৃত্য আখৰা কৰে।

   ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য প্ৰফুল্ল কুমাৰ দাস আৰু উপ প্ৰধানাচাৰ্য অনামিকা দাস মেধিয়ে জানিব দিয়ে অহা ৫নবেম্বৰত অনুষ্ঠিত হব লগা অখিল ভাৰতীয় সংস্কৃত মহোৎসৱ ৰ অহা ৩নবেম্বৰত ১২জনিয়া ছাত্ৰ ছাত্ৰী ৰ দল সহ তত্বাৱধায়ক ৰুপে মনিকা বৰদলৈ,অশোক বৰদলৈ আৰু ৰাজিৱ বৰদলৈ ৰাওনা হব আৰু ৪নবেম্বৰত বিহাৰত উপস্থিত হৈ ৫ আৰু ৬নবেম্বৰত সংস্কৃত মহোৎসৱ ত অংশ গ্ৰহণ কৰি ৭ তাৰিখে বিহাৰৰ পৰা ৰহালৈ ৰাওনা হব।