সমাগত বিশ্ব খনিকৰ, নিৰ্মানকৰ্তা শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা,সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ প্ৰতিমা নিৰ্মানত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী নিতাই পাল।

     শ্ৰীশ্ৰী গনেশ পূজাৰ পৰা আৰম্ভ হৈছে পুজাৰ বতৰ,১৭চেপ্তেম্বৰত শ্ৰী বিশ্বকৰ্মা পূজা,২৮চেপ্তেম্বৰৰ পৰা আৰম্ভ হব শাৰদীয় দুৰ্গা পুজা আৰু লক্ষী পুজা।তাৰ পাছত দ্বীপান্বিতা আৰু কালি পুজা।

       সমস্ত ৰাজ্যত পুজাৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহাতো আগন্তুক শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পুজাৰ প্ৰস্তুতি চলাই থকা হৈছে।

  লগতে ভগৱান বিশ্বকৰ্মা আৰু মহিসাশুৰ মৰ্দনী,জগতজননী মা দুৰ্গা প্ৰতিমা নিৰ্মানত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী সকল।

    ৰহাৰ চাপৰমুখ মাৰবাৰী পটি ৰ মৃৎ শিল্পী নিতাই পালে বিশ্বকৰ্মা পূজাৰ বাবে ২৫ৰ পৰা ৩০খন প্ৰতিমা নিৰ্মান কৰাৰ লগতে ১০ৰপৰা ১২খন মা দূৰ্গা ৰ প্ৰতিমা নিৰ্মান কৰি আছে।

   নিতাই পালে জানিব দিয়ে যে তেওঁৰ দেউতা,ককা দেউতাৰ দিনৰ পৰা প্ৰতিমা নিৰ্মাণ কামত জড়িত হৈ আছে আৰু তেওঁ নিজে ৫০বছৰৰ পৰা প্ৰতিমা নিৰ্মাণ কৰি আছে আৰু তেওঁ ৰ এই কামত পুত্ৰ, কন্যাই সহায় কৰে।নিতাই পালে জানিব দিয়ে যে এইবাৰ বিশ্বকৰ্মা প্ৰতিমা ৰ মুল্য ১৫০০ৰ পৰা ৪০০০টকা লৈকে আছে।