ৰহাত আজি খণ্ড পৰ্যায়ৰ শিক্ষন শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা সম্পন্ন হোবাৰ লগতে বিজয়ী বিদ্যালয় সমূহক পুৰস্কৃত কৰা হয়।

       সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত ক্লাষ্টাৰ সমূহত যোৱা ২৪ডিচেম্বৰ পৰা ক্লাষ্টাৰ পৰ্যায়ৰ শিক্ষন শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হোবা ৰ লগতে আজি ৰহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ত দিনৰ ১১বজাত খণ্ড পৰ্যায়ৰ শিক্ষন শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়।

    মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰুবুল কুমাৰ দাসে আঁত ধৰা খণ্ড পৰ্যায়ৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰত অনুষ্ঠিত হোবা শিক্ষন শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ কপিলী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সুৰেশ চৰকাৰে উদ্বোধন উদ্বোধন কৰাৰ লগতে প্ৰতিযোগিতাত বিচাৰক ৰুপে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা নিলাক্ষী কাকতি আৰু প্ৰবক্তা শিখা কলিতা উপস্থিত থকাৰ লগতে ৰহা কপিলী শিক্ষা খণ্ড ৰ ২৮ক্লাষ্টাৰৰ ৫০ ৰো অধিক বিদ্যালয়ে অংশ কৰি সাক্ষৰতা আৰু সাংখ্যিকতা দুটা ভাগত শিক্ষন শিকন সামগ্ৰী তৈয়াৰ কৰি প্ৰদৰ্শনী লগাই।

          প্ৰতিযোগিতাত সাক্ষৰতা আৰু সাংখ্যিকতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত ৬খন বিদ্যালয়ক এখন এখন ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰি পুৰস্কৃত কৰা হয়।

    প্ৰতিযোগিতাত বিআৰপী আয়ুব আলী, বিজয়া নন্দ লস্কৰ,ৰহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ৰ প্ৰধান শিক্ষয়ত্ৰী স্মৃতা দেৱী সহ বিভিন্ন ক্লাষ্টাৰৰ সমন্বয়ক সহ শিক্ষক শিক্ষয়ত্ৰী উপস্থিত থাকে।

    সমন্বয়ক ৰুবুল কুমাৰ দাসে জানিব দিয়ে যে অহা ২৮ ডিচেম্বৰত জিলা পৰ্যায়ৰ শিক্ষন শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হব।