অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ:-- শিৱসাগৰ জিলা স্বাস্থ্য অভিযানৰ অন্তৰ্গত "আন্তৰ্জাতিক সুৰক্ষিত গৰ্ভপাত দিৱস" উপলক্ষ্যে যোৱা ২৮ ছেপ্তেম্বৰত জিলাখনৰ টিপমীয়া আয়ুুস্মান আৰোগ্য মন্দিৰৰ চৌহদত এক সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ এই সভাত জ্যেষ্ঠ চিকিৎসক ডাঃ সৌভিক ভট্টাচাৰ্য্য আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শিৱসাগৰৰ জিলা আঁচনি প্ৰৱন্ধক ধ্ৰুৱজ্যোতি শইকীয়াই সভাত উপস্থিত লোকৰ আগত সুৰক্ষিত গৰ্ভপাত সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷ আনফালে শিৱসাগৰ জিলাৰ ম'ৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক সুৰক্ষিত গৰ্ভপাত দিৱস উপলক্ষ্যে যোৱা ৩০ ছেপ্তেম্বৰত এক স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হয় ৷ একেটা শিৱিৰতে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ললিত শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় এক আলোচনাচক্ৰ ৷ উক্ত আলোচনাচক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে বি চি এম বৰ্ণালী দত্ত কলিতাই । গৰ্ভপাতৰ পিছত ল'বলগীয়া সাৱধানতা, যত্ন তথা পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে সভাত উপস্থিত সকলোৰে লগত আলাপ আলোচনা কৰে জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, অন্তৰা দত্ত আৰু বৰ্ণালী দত্ত কলিতাই । মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ললিত শইকীয়াই সুৰক্ষিত গৰ্ভপাত সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ ইয়াৰোপৰি এই স্বাস্থ্য শিৱিৰত গাঁৱৰ ৰাইজক সজাগ কৰাৰ অৰ্থে এক সজাগতা সমদল বাহিৰ কৰাৰ লগতে আশাকৰ্মীসকলৰ মাজত লিফলেট বিতৰণ কৰা হয় ৷ আনহাতে লক্ষ্য দম্পতি তথা হিতাধিকাৰীসমূহৰ ঘৰে ঘৰে এই লিফলেট বিতৰণ কৰিবলৈ জিলা গণমাধ্যম বিশেষজ্ঞই আশাকৰ্মীসকলক অনুৰোধ জনায় ৷ এই স্বাস্থ্য শিৱিৰত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ললিত শইকীয়া, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক অন্তৰা দত্ত, বি চি এম বৰ্ণালী দত্ত কলিতা, ব্লক একাউন্টচ্‌ মেনেজাৰ ভৰত ভড়ালী, ব্লক প্ৰগেম মেনেজাৰ পুষ্প চেতিয়া, LHS দীপা বৰা, কম্পিউটাৰৰ সিদ্ধাৰ্থ শইকীয়া, এ এন এম আশা ছুপাৰভাইজাৰ, আশাকৰ্মী আদি উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিয়া অনুসৰি জিলাখনৰ বাকী ৪ টা স্বাস্থ্যখণ্ডটো আন্তৰ্জাতিক সুৰক্ষিত গৰ্ভপাত দিৱস উপলক্ষ্যে একোটাকৈ শিৱিৰ অনুস্থিত কৰা হ'ব আৰু এই কাৰ্য্যসূচী অহা ৮ অক্টোবৰলৈকে অব্যাহত থাকিব ৷

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |