ডিব্ৰুগড় জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দা হান্স ফাউণ্ডেশ্যনৰ সহযোগত নাহৰকটীয়াত আজি সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠান আয়োজন কৰা হয়। উল্লেখযোগ্য যে নাহৰকটীয়া তথা নাহৰকটীয়াৰ উচৰ চুবুৰীয়া অঞ্চলৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫০ জুৰা দৰা কইনায় অংশ গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলী, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈকে প্ৰমুখ্যে কৰি কেইবাজনো গন্য মান্য ব্যক্তি উপস্থিত থাকে।