শিৱসাগৰঃ সমগ্ৰ দেশৰ লগতে শিৱসাগৰ নগৰতো ঐতিহাসিক "হিন্দু ধৰ্ম্মসভা নামঘৰ"ৰ ১২৫ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি "হিন্দু ধৰ্ম্মসভা নামঘৰ মহিলা সমাজৰ" সৌজন্যত "৬৩ সংখ্যক শিক্ষক দিৱস" উলহ-মালহেৰে উদ্‌যাপন কৰা হয়। দিৱস উপলক্ষে নামঘৰ প্ৰেক্ষাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখযোগ্য যে, শিৱসাগৰৰ বিশিষ্ট সমাজসেৱিকা দিপালী বৰঠাকুৰে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° প্ৰকাশ কটকী, শিৱসাগৰৰ বিশিষ্ট অধিবক্তা, সমাজকৰ্মী প্ৰমুখ্যে ভালে সংখ্যক গণমান্য ব্যক্তিৰ উপস্থিতিত এটি গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত ন - পুৰণি শিক্ষকক মহিলা সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । হিন্দু ধৰ্ম্মসভা নামঘৰৰ মহিলা সমাজৰ সভানেত্ৰী অঞ্জনা বেজবৰুৱা, কাৰ্য্যকৰী সভানেত্ৰী ৰীণা শৰ্মা আৰু সম্পাদিকা তুতু মণি শৰ্মাকে প্ৰমুখ্যে কৰি নামঘৰ মহিলা সমাজৰ যথেষ্ট সংখ্যক সদস্যাৰ সহযোগিতাত এটি সুন্দৰ অনুষ্ঠান সমাপন কৰা হয়। বিশেষকৈ কনিষ্ঠৰ পৰা বয়োজেষ্ঠলৈকে গীতে মাতে নৃত্যৰে অনুষ্ঠানটি অতি মনোগ্ৰাহী কৰি তোলে ৷ উক্ত অনুষ্ঠানত হিন্দু ধৰ্ম্মসভা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি গিৰিণ মিশ্ৰ, প্ৰাক্তন সভাপতি তথা উপদেষ্টা অনঙ্গ মোহন শৰ্মা, জ্যেষ্ঠ সদস্য দীপক বৰঠাকুৰ আদি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৷