অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ আজি ডিব্ৰুগড়তো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৰাজ্য চৰকাৰৰ কৃষি আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰে। ইয়াৰ পূৰ্বে কেবিনেট মন্ত্ৰীগৰাকীয়ে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডিব্ৰুগড় জিলাৰ প্ৰশাসনৰ উদ্যোগত চহৰখনৰ চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত হোৱাৰ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰীগৰাকীয়ে ভাষনত ৰাজ্য চৰকাৰৰ আমোলত ৰূপায়ন হোৱাৰ বিভিন্ন কৰ্মমূখী আঁচনিৰ সৰ্ম্পকত বক্তব্য আগবঢ়ায়।প্ৰতিকূল বতৰৰ বাবে কাৰ্যসূচীত পূৰ্বতকৈও নাগৰিকৰ উপস্থিতি সংখ্যা কম যদিও চহৰখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহাৰ জনসাধাৰণৰ উপস্থিতিত সুচাৰুৰূপে সম্পন্ন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী। খেলপথাৰত আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ আৰু বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন কৰা হয়। লগতে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীও সম্পন্ন কৰা হয়। আজি কাৰ্যসূচীত কেবিনেট মন্ত্ৰীগৰাকীৰ লগত বিধায়ক প্ৰশান্ত ফুকন, পোনাকণ বৰুৱাকে ধৰি অন্যান্য চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हर्षल मेघवाल को शहीद का दर्जा व न्याय की मांग को लेकर राजस्थान राज्य कर्मचारी सयुंक्त महासंघ ने सौपा ज्ञापन
कोटा! राजस्थान राज्य कर्मचारी सयुंक्त महासंघ लोकतांत्रिक के कार्यकारी प्रदेश अध्यक्ष रामरतन...
गुन्नौर जनपद कार्यालय में प्रशासन की लापरवाही आई सामने जमीन पर पड़े दिव्यांग अव्यवस्थाओं के बीच लगाया गया दिव्यांग जनों का शिविर
पन्ना जिले के गुनौर जनपद कार्यालय में दिव्यांग जनों का शिविर आयोजित किया गया जहां दिव्यांग जनों...
ભાખરવડ ડેમમાં આ મગર ને શુ થયું??? લોકો માં અનેક તર્ક-વિતર્ક!
ભાખરવડ ડેમમાં આ મગર ને શુ થયું??? લોકો માં અનેક તર્ક-વિતર્ક!
સુરેન્દ્રનગર: ગેરકાયદે રીતે ફટાકડાના ગોડાઉન ઉપર વઢવાણ નાયબ કલેકટર મેહુલકુમાર ભરવાડે ઝડપી પાડ્યો
સુરેન્દ્રનગર: ગેરકાયદે રીતે ફટાકડાના ગોડાઉન ઉપર વઢવાણ નાયબ કલેકટર મેહુલકુમાર ભરવાડે ઝડપી પાડ્યો
દાહોદજિલ્લાસેવા સદનખાતેના મીડિયા મોનિટરિંગરૂમની મુલાકાત લેતા જિલ્લા ચૂંટણી અધિકારી ડો. હર્ષિતગોસાવી.
દાહોદજિલ્લાસેવા સદનખાતેના મીડિયા મોનિટરિંગરૂમની મુલાકાત લેતા જિલ્લા ચૂંટણી અધિકારી ડો. હર્ષિતગોસાવી.