আগন্তুক গুনোৎসৱত ভাল ফলাফল দেখুৱাবলৈ অতি কষ্টেৰে বিদ্যালয় খন সজাই পৰাই তুলিছিল বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে।

কিন্তু কোনো আশুৰিক প্ৰবৃত্তিৰ লোকে আহি বিদ্যালয়খনৰ প্ৰাচীৰ পত্ৰিকা ফালি দেৱালসমূহত গোৱৰ লেপি বিদ্যালয়খনৰ অনিষ্ট সাধন কৰি থৈ যায়। 

লগতে বিদ্যালয় চৌহদত থকা গছ গছনি, শাক-পাচলিৰ বাৰি তহিলং কৰি থৈ যায়।

বীৰ লাচিতৰ প্ৰতিচ্ছবি জাতীয় পতাকাত গোৱৰ লেপি জাতিদ্ৰোহী ৰাষ্ট্ৰদোহৰ দৰে কাৰ্য সংঘটিত কৰি থৈ যায় দুৰ্বৃত্তই।

পুৱা আহি ছাত্ৰ-ছাত্ৰী সকলে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা।

নিজ হাতেৰে সজাই পৰাই তোলা বিদ্যালয় খনৰ এনে অৱস্থা দেখি শোকত ভাগি পৰে ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে স্থানীয় ৰাইজ।

ছাত্ৰ-ছাত্ৰী সকলে কান্দি কান্দি এই ঘটনাৰ উচিত বিচাৰ কৰিবলৈ আহ্বান কৰা লগতে নামঘৰত চাকি জ্বলাই দোষীয়ে উচিত শাস্তি পাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। গুনোৎসৱৰ আগমুহুৰ্তত এনে পৰিস্থিতিৰ সন্মুখীন হৈ শিক্ষক শিক্ষয়িত্ৰী সকল স্বাভাবিকতে শলঠেকত পৰা পৰিলক্ষিত হৈছে।