১৯৯০ চনৰ ১৪ আগষ্ট তাৰিখে মাজুলীৰ পূব প্ৰান্তত প্ৰতিষ্ঠা হৈছিল উচ্চ শিক্ষাৰ বটবৃক্ষ " পূব মাজুলী মহাবিদ্যালয়"। আজি পূব মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ সমিতিৰ উদ্যোগত পূব মাজুলী মহাবিদ্যালয়ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বন্তি প্ৰজ্বলনেৰে মহাবিদ্যালয়ৰ চৌহদত উলহ মালহেৰে উদযাপন কৰা হয়।যি সকল মহান ব্যক্তিৰ নেতৃত্বত পূব মাজুলী মহাবিদ্যালয় খন প্ৰতিষ্ঠা হ'ল তেওঁলোকক শ্ৰদ্ধা আৰু সেৱা জনালোঁ আৰু যি সকল মহান ব্যক্তি আমাৰ মাজৰ পৰা চিৰ দিনৰ বাবে আঁতৰি গল তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।পূব মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰতিষ্ঠাপক অধ্যক্ষ ড° অৰূপ কুমাৰ বৰা দেৱৰ লগতে বৰ্তমানৰ অধ্যক্ষ শ্ৰীযুত দিপক বৰা দেৱ আৰু মহাবিদ্যালয়ৰ সমূহ অধ্যাপক/অধ্যাপিকা সকললৈ,তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ প্ৰতিজন শ্ৰদ্ধাৰ ব্যক্তিলৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ তৰফৰ পৰা আজিৰ এই পবিত্ৰ দিৱসৰ শুভ ক্ষণত জনালোঁ অশেষ সেৱা ।আজিৰ এই অনুষ্ঠানত পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰীযুত অনুপ কুমাৰ বৰা, শ্ৰীযুত উত্তম শইকীয়া, শ্ৰীযুত দিলীপ বৰুৱা, অধ্যাপিকা শ্ৰীযুতা মালা গায়ন ,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শ্ৰীযুত দণ্ডীৰাম শইকীয়া ,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ বহু কেইজন সদস্য আৰু যথেষ্ট সংখ্যক সুহৃদয়বান ব্যক্তি উপস্থিত থাকে।আমি আশাবাদী অদূৰ ভৱিষ্যতে অতীত আৰু বৰ্তমানৰ দৰে এই মহাবিদ্যালয় খনে পূব মাজুলী অঞ্চলৰ লগতে মাজুলীৰ বিভিন্ন প্রান্তৰ ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক দিশত বিশেষ বৰঙণি আগবঢ়াব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
माळेगाव नकी येथे डॉ.बाबासाहेब आंबेडकर यांच्या महापरिनिर्वाण दिनानिमित्त अभिवादन
मालेगाव तालुक्यातील माळेगाव न.की. येथे भारतीय राज्यघटनेचे शिल्पकार डॉ.बाबासाहेब आंबेडकर यांच्या...
BANASKANTHA # બનાસકાઠાં ના પાલનપુરથી 1378 ઘેટાં બકરા ભરેલી પાંચ ટ્રકો ઝડપાઈ
BANASKANTHA # બનાસકાઠાં ના પાલનપુરથી 1378 ઘેટાં બકરા ભરેલી પાંચ ટ્રકો ઝડપાઈ
SWIMMING TIME- SUMMER CAMP 2023
SWIMMING TIME- SUMMER CAMP 2023
ডিব্ৰুগড়ত দহ দিনীয়া মুখ শিল্পৰ কর্মশলা সামৰণি
ডিব্ৰুগড় স্থিত শ্ৰী ভাৰতী মহাবিদ্যালয় উদ্যোগত সত্ৰীয়া কেন্দ্ৰ ,সংগীত নাটক একাডেমী নতুন দিল্লীৰ...