১৯৯০ চনৰ ১৪ আগষ্ট তাৰিখে মাজুলীৰ পূব প্ৰান্তত প্ৰতিষ্ঠা হৈছিল উচ্চ শিক্ষাৰ বটবৃক্ষ " পূব মাজুলী মহাবিদ্যালয়"। আজি পূব মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ সমিতিৰ উদ্যোগত পূব মাজুলী মহাবিদ্যালয়ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বন্তি প্ৰজ্বলনেৰে মহাবিদ্যালয়ৰ চৌহদত উলহ মালহেৰে উদযাপন কৰা হয়।যি সকল মহান ব্যক্তিৰ নেতৃত্বত পূব মাজুলী মহাবিদ্যালয় খন প্ৰতিষ্ঠা হ'ল তেওঁলোকক শ্ৰদ্ধা আৰু সেৱা জনালোঁ আৰু যি সকল মহান ব্যক্তি আমাৰ মাজৰ পৰা চিৰ দিনৰ বাবে আঁতৰি গল তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।পূব মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰতিষ্ঠাপক অধ্যক্ষ ড° অৰূপ কুমাৰ বৰা দেৱৰ লগতে বৰ্তমানৰ অধ্যক্ষ শ্ৰীযুত দিপক বৰা দেৱ আৰু মহাবিদ্যালয়ৰ সমূহ অধ্যাপক/অধ্যাপিকা সকললৈ,তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ প্ৰতিজন শ্ৰদ্ধাৰ ব্যক্তিলৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ তৰফৰ পৰা আজিৰ এই পবিত্ৰ দিৱসৰ শুভ ক্ষণত জনালোঁ অশেষ সেৱা ।আজিৰ এই অনুষ্ঠানত পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰীযুত অনুপ কুমাৰ বৰা, শ্ৰীযুত উত্তম শইকীয়া, শ্ৰীযুত দিলীপ বৰুৱা, অধ্যাপিকা শ্ৰীযুতা মালা গায়ন ,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শ্ৰীযুত দণ্ডীৰাম শইকীয়া ,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিৰ বহু কেইজন সদস্য আৰু যথেষ্ট সংখ্যক সুহৃদয়বান ব্যক্তি উপস্থিত থাকে।আমি আশাবাদী অদূৰ ভৱিষ্যতে অতীত আৰু বৰ্তমানৰ দৰে এই মহাবিদ্যালয় খনে পূব মাজুলী অঞ্চলৰ লগতে মাজুলীৰ বিভিন্ন প্রান্তৰ ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক দিশত বিশেষ বৰঙণি আগবঢ়াব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উগ্ৰবাদৰ বিৰুদ্ধে ব্ৰিটেইনে চাবুক ফাটি যোৱাৰ লগে লগে খালিস্তানী সন্ত্ৰাসবাদৰ ওপৰত ডাঙৰ আঘাত
খালিস্তানী সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ওপৰত আন এক আঘাত হিচাপে অহা ব্ৰিটেইনৰ নিৰাপত্তা মন্ত্ৰী টম...
બરસાણામાં રાધાષ્ટમીના મેળાની તૈયારીઓ, 2 સપ્ટેમ્બરથી વાહનોનો પ્રવેશ બંધ રહેશે; દરેક જગ્યાએ સીસીટીવી કેમેરા લગાવવામાં આવ્યા છે
મંદિર પ્રબંધન અને વિવિધ વિભાગો બરસાનામાં રાધાષ્ટમી મેળાની તૈયારીઓને આખરી ઓપ આપવામાં વ્યસ્ત છે....
নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ সোনাবৰ আলিৰ মৃত্যু
নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট ৰাজনীতিবিদ সোনাবৰ আলিৰ আজি পূৱা চেন্নাইত...
ડીસા શહેરના ઝવેરી નગરમાં આવેલા ખાડિયાવિસ્તારમાં પડેલા ભારે વરસાદના પગલે જળબંબાકાર જેવી સ્થિતિ સર્જાઈ
ડીસા શહેરના ઝવેરી નગરમાં આવેલા ખાડિયાવિસ્તારમાં પડેલા ભારે વરસાદના પગલે જળબંબાકાર જેવી સ્થિતિ સર્જાઈ
ઉપપ્રમુખ રાવજીભાઈ વાઘેલા આમ આદમી પાર્ટી માં જોડાય
ઉપપ્રમુખ રાવજીભાઈ વાઘેલા આમ આદમી પાર્ટી માં જોડાય