দেশৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথতো 

ভাৰতবৰ্ষ ৭৫ সংখ্যক আজাদী কা অমৃত মহোৎসৱ উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা লগোৱা সজাগতা অভিযান কাৰ্যসূচী। এই উপলক্ষে আজি বিশ্বনাথ চাৰিঅালি স্থিত মুখৰগড় গাওঁ পন্চায়ত অন্তৰ্গত নিলপুৰ চাহ বাগিছাতো প্ৰভাত ফেৰি কাৰ্যসূচী কৰে। অাজাদি কা অমৃত মহৎসৱৰ লগত সংগতি ৰাখী নিলপুৰ চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয় সন্মুখৰ পৰা বাগিছাৰ প্ৰত্যেকটো লাইনে লাইনে অাজি ১৩ অাগষ্টৰ পৰা অহা ১৫ অাগষ্ট লৈকে যি ঘৰে ঘৰে ত্ৰিৰংগা লগোৱা কাৰ্যসূচী পালন কৰা উদ্দেশ্যি প্ৰভাত ফেৰী উলিওৱা হয়। এই কাৰ্যসূচীত ৰাজ্যিক চাহ মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰ, বিজেপিৰ বিশ্বনাথ জিলা সাধাৰণ সম্পাদক সুজিত ভূমিজ, সাকোমঠা মণ্ডলৰ সাধাৰণ সম্পাদক গণেশ বাছোৱাৰ, নিলপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঘোপতি উৰাং , অাটছা বিষয়ববীয়া চটন বাছোৱাৰ, সমাজকৰ্মী লগন বাছোৱাৰ, ৱাৰ্ড সদস্যৰ লগতে সচেতন ব্যক্তি সকল, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে মহিলা যুৱক যুৱতী অাদি মিলি হাতে হাতে ত্ৰিৰংগা পতকা লৈ ভাৰত মাতা কি জয়, বন্দেমাত্ৰম অাদি ধ্বনিৰে প্ৰভাত ফেৰী কৰে