প্রথম অসমীয়া অভিধান প্রণেতা টাই পণ্ডিত টেঙাই মহনৰ মৈদাম উদ্ধাৰকাৰী, লুপ্তপ্রায় তৰাচিঙা বিহুৰ পুনৰ উদ্ধাৰকাৰী সমাজ-ক্রীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ এটি পৰিচিত নাম তথা অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ, প্রাগ্ নিউজ চেনেলৰ প্ৰাগ প্ৰেৰণা সন্মান প্রাপক, প্রবীণ ক্রীড়াবিদ, মৰাণ জিমনাষ্টিক সংস্থাৰ প্ৰতিষ্ঠাপক, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ছোৱালী ক্ৰীড়া বিদ্যালয় খোৱাঙৰ 'চিৰঞ্জীতা মহিলা ক্রীড়া বিদ্যালয়' প্রতিষ্ঠাতা, সমাজসেৱী তথা সাংস্কৃতিক সংগঠক অঞ্জলী চেতিয়াৰ ৬৮ সংখ্যক উপজা দিনৰ লগত সংগতি ৰাখি আজি মৰাণ মিলি সমাজৰ নাট্য মন্দিৰত আয়োজিত অভিনন্দন গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠানটি উদ্বোধন কৰি, বিশিষ্ট চিন্তাবিদ তথা যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দেৱব্ৰত শৰ্মাই তেখেতক আধুনিক অসমৰ মূলাগাভৰু বুলি অভিহিত কৰে। উল্লেখ্য যে প্ৰথম অসমীয়া আভিধানিক টেঙাই মহনৰ পৰিনাতিনী অঞ্জলী চেতিয়াৰ বৰ্ণাঢ্য জীৱন আৰু বিস্তৃত কৰ্মৰাজি সামৰি প্ৰকাশ কৰা বক্তব্যত ডঃ শৰ্মাই কয় যে -“সমাজ-ক্ৰীড়া-সংস্কৃতিৰ বিশাল পৰিসৰত অৱদান আগবঢ়োৱা চেতিয়াৰ দৰে নাৰী সমাজত খুব কমেইহে দেখা যায়। বিশেষকৈ একেবাৰে সাধাৰণ অৱস্থাৰ পৰা জীৱনটোক সৰ্বোচ্চ পৰ্যায়লৈ উত্তৰণ ঘটাবলৈ সক্ষম হোৱা অঞ্জলী চেতিয়া নতুন প্ৰজন্মৰ বাবে আদৰ্শ আৰু অনুকৰণৰ প্ৰতীক। এগৰাকী ব্যক্তিক জীৱিত কালত এনেধৰণৰ সন্মান প্ৰদৰ্শন কৰাটো কমেইহে দেখা যায়। মৰাণ অঞ্চলত এনে অনুষ্ঠান আয়োজন কৰি অঞ্জলী চেতিয়াক উপযুক্ত সন্মান প্ৰদৰ্শন কৰা কাৰ্যই সমাজখনত ইতিবাচক প্ৰভাৱ পেলাব।” সমাজকৰ্মী গৰাকীৰ গুণগ্রাহী অনুৰাগীসকলৰ উদ্যোগত দিনজোৰাকৈ আয়োজিত অনুষ্ঠানটোৰ সঞ্চালনা কৰে অসম আদিত্য কাকতৰ সম্পাদক মনজিত বৰাই। ৰাজুমণি চেতিয়াৰ সম্পাদনা কৰা অঞ্জলী চেতিয়াৰ অভিনন্দন গ্রন্থ “সূৰ্যস্নাতা” উন্মোচন কৰে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই। যুৱ কবি-লেখক ধৰ্মকান্ত হাজৰিকা আৰু প্ৰদীপ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে বিশিষ্ট সাংস্কৃতিক গৱেষক পীতাম্বৰ টাইৰাই গগৈ, অৱসৰপ্ৰাপ্ত ডি, এচ, পি , চিলাপথাৰৰ মহেন্দ্ৰ গগৈ, বিশিষ্ট সাংবাদিক উৎপল বড়া, সাহিত্যিক পেঞ্চনাৰ ইলা বৰগোহাঁই, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, বিশিষ্ট গৱেষক তথা চিন্তাবিদ ডঃ গিৰিণ ফুকন, মৰাণ শাখা সাহিত্য সভাৰ সভাপতি নীলকান্ত গগৈ, টাই আহোম যুৱ পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সাংবাদিক যদুনাথ পুৰী আদি বিভিন্নজনে। সম্বৰ্ধনা গ্ৰহণ কৰি অঞ্জলী চেতিয়াই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানটোত তিনিকুৰিৰো অধিক জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে অঞ্জলী চেতিয়াক ওপজা দিনৰ ওলগ আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত উদ্যোক্তাসকলৰ হৈ ধৰ্মকান্ত হাজৰিকাই শলাগৰ আগবঢ়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Punjab की Sangrur जेल में कैदियों के बीच खूनी झड़प, 2 की मौत | Breaking News | Crime News | Aaj Tak
Punjab की Sangrur जेल में कैदियों के बीच खूनी झड़प, 2 की मौत | Breaking News | Crime News | Aaj Tak
ಬೆಂಗಳೂರಿನ ರಾಜರಾಜೇಶ್ವರಿ ದಂತ ವೈದ್ಯಕೀಯ ಮಹಾವಿದ್ಯಾಲಯದ "28ನೇ ಘಟಿಕೋತ್ಸವ ಸಮಾರಂಭ" ಡಿಸೆಂಬರ್ 16ರಂದು ನಡೆಯಲಿದೆ.
ಬೆಂಗಳೂರಿನ ರಾಜರಾಜೇಶ್ವರಿ ದಂತ ವೈದ್ಯಕೀಯ ಮಹಾವಿದ್ಯಾಲಯದ "28ನೇ ಘಟಿಕೋತ್ಸವ ಸಮಾರಂಭ" ಡಿಸೆಂಬರ್ 16ರಂದು...
कन्या महाविद्यालय में मिड टर्म परीक्षाएं 28 अगस्त से
कन्या महाविद्यालय में मिड टर्म परीक्षाएं 28 अगस्त से
बूंदी। राजकीय कन्या महाविद्यालय बून्दी...
આજ રોજ ઠાસરા ના ગોકુળિયા ગામ જલાનગર આંગણવાડી મા પ્રવેશઉત્સવ કાર્યક્રમ યોજવામાં આવ્યો
સરકારશ્રીના શાળા પ્રવેશઉત્સવ કાર્યક્રમ ના દિશા નિર્દેશન હેઠળ આજરોજ ઠાસરા તાલુકાના ગોકુળિયા ગામ...
राष्ट्रीय अनुसूचित जनजाति आयोग के संयुक्त तत्वाधान में"स्वतंत्रता आंदोलन में जनजाति नायकों का योगदान
राष्ट्रीय अनुसूचित जनजाति आयोग के संयुक्त तत्वाधान में"स्वतंत्रता आंदोलन में जनजाति नायकों का योगदान