মৰাণ লাচিত নগৰৰ নিবাসী, বিশিষ্ট বিজ্ঞানী, অধ্যাপক তথা অসম পেট্র’কেমিলছৰ অৱসৰপ্ৰাপ্ত কার্যবাহী সঞ্চালক, বিশিষ্ট সমাজকর্মী ড° মহেন্দ্ৰ বৰগোহাঞিৰ মৃত্যুত শোকৰ ছাঁ । হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লোৱাৰ পিছত আজি নশ্বৰ দেহ মৰাণৰ নিজা বাসগৃহলৈ লৈ অনা হয় । অসম পেট্ৰ'কেমিকেলছত দীর্ঘদিন ধৰি কাৰ্যবাহী সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰা ব্যক্তিজনে ১৯৯৯ চনত অৱসৰ গ্ৰহণ কৰে । ছাত্র অৱস্থাৰে পৰা কাব্যচৰ্চা আৰম্ভ কৰা ড° বৰগোহাঞিৰ প্ৰকাশিত কবিতা পুথি হৈছে 'হিয়াৰ হাৰ' । বিভিন্ন শৈক্ষিক, সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত আছিল ড° বৰগোহাঞি । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভগ্নী বুলবুল গগৈ বৰগোহাঞিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ড° বৰগোহাঞি । মৃত্যুৰ সময়ত বিশিষ্ট বিজ্ঞানীজনে পৰিয়ালত দুজন পুত্র আৰু দুই কন্যাক এৰি থৈ গৈছে । ড° বৰগোহাঞিৰ মৃত্যুৰ পিছতে তেঁওৰ বাসগৃহত উপস্থিত হৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
औरंगाबादच्या पर्यटन क्षेत्राला अधिक चालना देणार - मंत्री मंगलप्रभात लोढा
औरंगाबाद राज्याची पर्यटन राजधानी आहे. या राजधानीतील पर्यटन क्षेत्राला गतवैभव प्राप्त करून...
અવકાશમાં ભારતનું સ્પેસ સ્ટેશન કંઈક આવું દેખાશે!
અવકાશમાં ભારતનું સ્થાન મજબૂત! આપણું સ્પેસ સ્ટેશન કંઈક આવું હશે, ISRO એ આપી ઝલક
ISRO એ શુક્રવારે...
પાવીજેતપુર પંથકમાં ઉત્તરાયણના પર્વને ઉજવવા માટે યુવાધનમાં અનેરો થનગનાટ
પાવીજેતપુર પંથકમાં ઉત્તરાયણના પર્વને ઉજવવા માટે યુવાધનમાં અનેરો થનગનાટ
...