মাজুলীৰ কলা-সংস্কৃতি ফটো ব্যৱহাৰ কৰি বেপাৰ চলাই থকা ডিব্ৰুগড়ৰ "আদিত্য ৰেচিডেঞ্চি " নামৰ হোটেলৰ কাণ্ড দেখি স্তম্ভিত হৈ পৰিছে মাজুলীবাসী। হোটেল খনত মাজুলীৰ নামাকৰণ কৰা আৰু সত্ৰীয়া কলা সংস্কৃতিৰ ফটো সম্বলিত ফটো থকা প্লাষ্টিকৰ মেট ব্যৱহাৰ কৰে খোৱাৰ টেবুলত। খোৱা বস্তুৰ জোঠা কৰি পেলোৱা উক্ত ফটো সামাজিক মাধ্যম যোগেদি প্ৰচাৰ হোৱাৰ পিছত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহাপুৰুষ গুৰু দুজনে সৃষ্টি কৰা অমৰ কলা সংস্কৃতিৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি যি সময়ত মাজুলীৰ সত্ৰানুষ্ঠান সমূহে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে, যি সময়ত মাজুলীৰ কলা সংস্কৃতি দৰ্শনৰ বাবে দৈনিক হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে, সেই সময়ত সস্তীয়া বেপাৰ বাণিজ্যৰ বাবেমাজুলীৰ কলা সংস্কৃতিৰ ফটো ব্যৱহাৰ কৰা কাৰ্য গৰিহণা যোগ্য বুলি তীব্ৰ সমালোচনা কৰিছে মাজুলীৰ দল সংগঠন আৰু সচেতন ৰাইজে। মাজুলীৰ এগৰাকী সচেতন যুৱক ননী গোপাল দত্তই উক্তঘটনাক পোহৰ লৈ অনাৰ পিছত হোটেলৰ মালিক পক্ষৰ এনে ধৰণৰ অবিবেচক কাণ্ড ক গৰিহণা দিয়াৰ লগতে অনতিপলমে তেনে কাৰ্য বন্ধ কৰিবলৈ দাবী জনাই ছে মাজুলীবাসীয়ে। মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞা, জিলা সাংবাদিক সন্থাৰ সভাপতি ডিবাকৰ শইকীয়া, সম্পাদক দীপু বৰা, জিলা ছাত্র সন্থাৰ সভাপতি অজিত হাজৰিকা, জিলা সাহিত্য সভাৰ সভাপতি ৰণজিৎ কুমাৰ ভূঞা, মাজুলী সুৰক্ষা মঞ্চৰ সম্পাদক জগত হাজৰিকা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক পবন্ত শইকীয়া আদিয়ে অতি সোনকালে ৰেষ্টুৰেন্টৰ টেবুলত খোৱা পাতৰ তলত পাৰি দিয়া মাজুলী শীৰ্ষক (মাজুলীৰ ঐতিহ্যৰ ছবিৰে) মেটৰ দৰে ব্যৱহাৰ কৰা ছবি সমূহ আতৰ কৰিবলৈ কতৃপক্ষক দাবী জনাইছে। লগতে মাজুলীৰ ঐতিহ্যক খোৱা পাতৰ তলত স্থান দি বেপাৰ নকৰিবলৈ সকিয়াই দিয়াৰ সমান্তৰাল ভাৱে, মন মৰ্যাদা সহকাৰে ৱালত অংকন কৰিবলৈ দাবী কৰে। অন্যথা মাজুলী দল সংগঠনৰ যৌথ প্ৰচেষ্টাত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লৈ বাধ্য থাকিব বুলি সকিয়াই দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મુન્દ્રામાં વડગામના ધોતાના બાળકનું ગળુ દોરીથી કપાઇ જતાં મોત
મૂળ વડગામ તાલુકાના ધોતા ગામનો અને કચ્છના મુંદ્રા ગામે ખાનગી કંપનીમાં નોકરી કરતા પરિવારનો એક બે...
कु.रोशनी ज्ञानेश्वर बोडके यांची दिल्ली येथे होणाऱ्या फेडरेशन कप या राष्ट्रीय कुमार स्पर्धेसाठी निवड
भारतीय कुस्ती महासंघ आयोजित दिल्ली येथे होणाऱ्या फेडरेशन कप या राष्ट्रीय कुमार स्पर्धे साठी...
સ્થાનિક પક્ષો પણ ચુંટણીમાં જંપલાવવા મેદાને આવ્યા છે
સ્થાનિક પક્ષો પણ ચુંટણીમાં જંપલાવવા મેદાને આવ્યા છે
જૂનાગઢ શહેર અને જિલ્લામાં પોલીસને બોડી વોર્ન
કેમેરા આપવામાં આવ્યા છે. જિલ્લામાં બે પ્રકારના
કેમેરા મળી કુલ 272 કેમેરા ફાળવવામા આવ્યા છે.
જૂનાગઢ પોલીસ
જ્યારથી બોડી વોર્ન કેમેરાથી સર્જ થઈ છે, ત્યારથી લોકો
સાથે પોલીસનું ઘર્ષણ ઓછું થયું...
Defamation Case: दिल्ली की अदालत ने सामाजिक कार्यकर्ता मेधा पाटकर को सुनाई पांच महीने की कैद की सजा
नई दिल्ली। दिल्ली की अदालत ने सामाजिक कार्यकर्ता मेधा पाटकर को मानहानि मामले में पांच महीने...