শিৱসাগৰঃ ১৯ এপ্ৰিলত ডিমৌ শিৱসাগৰ আৰু নাজিৰা বিধানসভা সমষ্টিত ভোটদানৰ দিনা বন্ধ ঘোষণা জিলা প্ৰশাসনৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটদান অহা ১৯ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’ব। উক্ত দিনা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনাযোগে উক্ত দিনা ভোটদান কৰাৰ হকে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী জিলাসমূহত পাব্লিক হলিডে হিচাপে বন্ধ ঘোষণা কৰিছে । এই নিৰ্দেশনাৰ ভিত্তিত শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱে নিৰ্দেশনা নং এডিএম-২০৫/৩/ ২০২৩-এছ আই ভি-এ ডি এম /ডি এফ এ/২২৩৫৭৪ দিনাংক ৪ এপ্ৰিল যোগে অহা ১৯ এপ্ৰিলৰ দিনা শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৯৫-ডিমৌ, ৯৬- শিৱসাগৰ আৰু ৯৭-নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়, পঞ্চায়তীৰাজৰ প্ৰতিষ্ঠানসমূহ, স্থানীয় নগৰ সমিতি, শিক্ষানুষ্ঠান ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠানসমূহ যেনে বেংক, চাহবাগান আৰু উদ্যোগ আদি বন্ধ ঘোষণা কৰিছে । এই বন্ধ ঘোষণা এন. আই. এক্ট,১৮৮১ অধীনত প্ৰদান কৰা হৈছে বুলি সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া কংকনা শইকীয়াই সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিছে ৷