নতুন দিল্লী, ১২ আগষ্ট। আগন্তুক বৰ্ষৰ পৰা আপোনাৰ শিশুটিৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব জনছন এণ্ড জনছন বেবী পাউদাৰ। অহা বছৰ অৰ্থাৎ ২০২৩ চনৰ পৰা জনছন এণ্ড জনছনে টেলকাম-আধাৰিত বেবী পাউডাৰ বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈছে। ব্ৰিটিছ জনছন এণ্ড জনছনৰ সামগ্ৰীসমূহ সমগ্ৰ শিশুৰ বাবে অতি সুৰক্ষিত বুলি গণ্য কৰা হৈছিল। কোম্পানীৰ সামগ্ৰীবোৰো ভাৰতত বহুত জনপ্ৰিয়। কিন্তু, অহা বছৰৰ পৰা অৰ্থাৎ ২০২৩ চনৰ পৰা ভাৰতীয় বজাৰত এই কোম্পানীৰ টেলকাম-আধাৰিত বেবী পাউডাৰ বন্ধ হব। জনছন এণ্ড জনছনে আমেৰিকা আৰু কানাডাৰ বজাৰত দুবছৰতকৈও অধিক সময়ৰ বাবে এই টেলকাম বেবী পাউডাৰ বিক্ৰী বন্ধ কৰিছে।

বৰ্তমান, এই কোম্পানীটোৰ বিৰুদ্ধে ৩৮ হাজাৰৰো অধিক গোচৰ চলি আছে। দৰাচলতে, বহু মহিলাই দাবী কৰিছিল যে কেঁচুৱাৰ টেলকাম পাউডাৰ ব্যৱহাৰ কৰাৰ পিছত তেওঁলোকৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ হৈছিল। তাৰ বাবেই বন্ধ কৰিব জনছন এণ্ড জনছন বেবী পাউদাৰ।