সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল ৷

*পুতি থোৱা মৃতদেহ গাতৰ পৰা উলিয়াই সৎকাৰৰ ব্যৱস্থা*

মঙলদৈ পতালসিঙ পাৰাৰ *গণক চুবাত* এক হৃদয় বিদাৰক ঘটনা ।

সামাজিক সংকীৰ্ণতাৰ বলি হল এটা পৰিয়াল ।

সৎকাৰৰ বিপৰীতে গাত খান্দি পুতি থোৱা হৈছিল এটা মৃতদেহ ।

সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি নীতি অনুসৰি সৎকাৰ কৰাৰ পৰিবৰ্তে গাতত মৃতদেহ পুতিব লগা হোৱাত স্তম্ভিত হৈ পৰিছে সচেতন সমাজ ।

ঘটনা মঙলবাৰৰ ।

যোৱা মঙলবাৰে মঙলদৈ গণক চুবাত মৃত্যু হৈছিল অতুল শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ ।

তাৎপৰ্যপূৰ্ণ বিষয় যে গণক সম্প্ৰদায়ৰ ব্যক্তি অতুল শৰ্মাৰ মৃত্যুৰ পাছত মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল ওচৰ চুবুৰীয়াৰ কোনো এজন ব্যক্তি ।

অৱশেষত মৃত অতুল শৰ্মাৰ তিনি ভাতৃৰ সহায়ত কিবাকৈ নি নদীৰ পাৰত গাত খান্দি পুতি থয় । 

উল্লেখযোগ্য যে যোৱা প্ৰায় ২৭ বছৰ পূৰ্বে অতুল শৰ্মাই কোঁচ সম্প্ৰদায়ৰ প্ৰণিতা দেৱীক বিয়া কৰাইছিল ।

সমাজৰ মতে এইটোৱে দোষ আছিল অতুল শৰ্মাৰ । যাৰ বাবে প্ৰতি নিয়ত সকলো সামাজিক কামৰ পৰা বঞ্চিত হৈ আহিছে পুত্ৰ জীয়ৰী সহ পত্নী প্ৰণিতা দেৱী ।

এইবাৰ সম্পূৰ্ণ আমানৱীয়তা প্ৰদৰ্শন কৰি মৃতদেহ সৎকাৰ কৰিবলৈও আগবাঢ়ি নাহিল ওচৰ চুবুৰীয়া । 

মঙলদৈ পাতালসিং পাৰাৰ ঘটনাৰ পিছত আজি অতুল শৰ্মাৰ গৃহত উপস্থিত আক্ৰাচুৰ কেন্দ্ৰীয় নেতৃত্ব ৷ আক্ৰাছুৰ নেতৃত্বতই মঙলদৈ সদৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ ৷

লগতে মঙলদৈ আৰক্ষী আৰু দাণ্ডাধিশৰ উপস্থিতিত

মৃতদেহ পুতিথোৱা স্থানৰ  গাত খান্দি উলিয়াই আনি পোষ্ট মৰ্টেমৰ পিচত ধৰ্মীয় নীতিৰে সত্কাৰ কৰাৰ ব্যৱস্থা কৰে।